ETV Bharat / state

Indian-Kazakhstan Army completed training: উমৰয়ত ভাৰতীয়-কাজাখস্তানী সেনাৰ যৌথ প্ৰশিক্ষণ সমাপ্ত

সামৰণি পৰিল মেঘালয়ৰ উমৰয়ত অনুষ্ঠিত হৈ থকা ভাৰতীয় সেনা আৰু কাজাখস্তানী সেনাৰ মাজৰ যুটীয়া অনুশীলনৰ(Joint demonstration of Indian and Kazakhstan Army ) । ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল এই অনুশীলন ।

author img

By

Published : Dec 28, 2022, 6:41 PM IST

Indian and Kazakhstan Army complete their training
ভাৰতীয় সেনা আৰু কাজাখস্তান সেনাৰ মাজৰ যুটীয়া অনুশীলন

তেজপুৰ,২৮ ডিচেম্বৰ: বুধবাৰে অন্ত পৰিল মেঘালয়ৰ উমৰয়ত অনুষ্ঠিত হৈ থকা ভাৰতীয় সেনা আৰু কাজাখস্তানী সেনাৰ মাজত হোৱা বাৰ্ষিক অনুশীলন । দুয়োখন দেশৰ সেনাৰ মাজত হোৱা এই যুটীয়া অনুশীলন উমৰয়ৰ Foreign Training Node ত অনুষ্ঠিত হৈছিল যোৱা ১৫ ডিচেম্বৰ পৰা(Joint demonstration of Indian and Kazakhstan Army ) । ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা দুয়োখন দেশৰ সেনাৰ এই অনুশীলন সফলতাৰে সামৰণি পৰে বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ্টেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ৰাৱাতে(Defence Spokesman Lt Col Mahendra Singh Rawat) ।

ভাৰতীয় সেনাৰ দলটোৱে ষষ্ঠ বেটেলিয়নে পৰা ১১ তম গোৰ্খা ৰাইফলছৰ কোম্পানীৰ সৈতে অংশগ্ৰহণ কৰিছিল এই প্ৰশিক্ষনত । একেদৰে কাজাখস্তানী সেনাৰ দলেও অংশগ্ৰহণ কৰিছিল এই প্ৰশিক্ষণত । দুয়োটা দলে জংগল এণ্ড ছেমি আৰ্বান তথা আৰ্বান টেৰেইনত যৌথ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ এক কাৰ্যসূচীত নিজৰ কৌশলগত আৰু কাৰিকৰী দক্ষতাক নিখুঁতভাৱে প্ৰদৰ্শন কৰিছিল(Indian and Kazakhstan Army complete their training) ।

দুয়োপক্ষই যৌথভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ওপৰত সৈন্যক প্ৰশিক্ষণ দিয়াৰ বাবে ধাৰাবাহিক কৌশলগত অনুশীলনৰ পৰিকল্পনা কৰিছিল আৰু বিগত সময়চোৱাত সেয়া সম্পন্ন কৰিছিল ।

উল্লেখযোগ্য যে চলিত বৰ্ষত ভাৰতে কেবাখনো দেশৰ সেনাৰ লগত যুটীয়া যুদ্ধ অভ্যাস সম্পূৰ্ণ কৰি তুলিছে । কিছুদিন পূৰ্বে উত্তৰাখণ্ডত ভাৰত-চীন সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত US আৰ্মী আৰু ভাৰতীয় সেনাৰ লগত "যুদ্ধ অভ্যাস", নামৰ এক অনুশীলন সমাপ্ত কৰিছিল । আনহাতে নতুন বছৰত অৰ্থাৎ ২০২৩ চনৰ ১৬ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ জাপানৰ হ্যাকুৰী আৰু ইৰুমা (Hyakuri and Iruma)বিমান ঘাটিত অনুষ্ঠিত কৰা হ’ব `বীৰ গাৰ্ডিয়ান’ নামৰ এক প্ৰশিক্ষণ ।

য'ত ভাৰতে দুখন চি-১৭ গ্ল’বমাষ্টাৰ-III ষ্ট্ৰেটেজিক লিফ্ট বিমান, এখন আই এল-৭৮ৰ সহায়ত চাৰিখন চুখয়-৩০এমকেআই যুঁজাৰু বিমানেৰে যৌথ প্ৰশিক্ষণনত মিলিত হ'ব । মিড-এয়াৰ ৰিফিউলাৰ আৰু প্ৰায় ১৫০ আই এ এফ কৰ্মীয়ে অংশগ্ৰহণ কৰিব এই প্ৰশিক্ষণত । জাপানে পাছলৈ এই অনুশীলনৰ বাবে এফ-২ আৰু এফ-১৫ যুঁজাৰু বিমান নিয়োগ কৰিব ।

লগতে পঢ়ক: Hemchandra Higher Secondary School: মাজুলীৰ হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ লাইখুটা স্থাপন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.