নিউজ ডেস্ক, 9 ডিচেম্বৰ: কেব সম্পৰ্কে কোনো মন্তব্য নিদিয়াৰ বাবে দেওবাৰে নিশা তেজপুৰত যতীন বৰাৰ বাহনৰ সন্মুখত শুই প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে ৷ এই ঘটনাৰ পিচতেই আজি এক ফেচবুক প'ষ্টযোগে নিজৰ স্থিতি স্পষ্ট কৰে,অসম চলচ্চিত্ৰ (বিত্তীয়) উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই ৷
উল্লেখ্য যে,যোৱানিশা ছবিগৃহ উদ্ধোধনী কাৰ্যসূচীত ভাগ ল'বলৈ তেজপুৰত উপস্থিত হৈছিল যতীন বৰা। তেনে সময়তে একাংশ আছু কৰ্মীৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় অভিনেতা গৰাকী ৷ যাৰ ফলত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে যতীন বৰা। পিচত আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীৰ পৰা ওলাই আহিবলৈ সক্ষম হয় অভিনেতাগৰাকী ৷ ইয়াৰ পিচতে ফেচবুকযোগে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে যতীন বৰাই ৷
লগতে পঢ়ক: তেজপুৰত যতীন বৰাক আগভেটা আছু কৰ্মীৰ