ETV Bharat / state

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ কালৰূপ

author img

By

Published : Aug 25, 2019, 12:58 PM IST

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ৷ নৈৰ বুকুত জাহ কেইবাশ বিঘা কৃষিভূমি ৷ গৰাখহনীয়াত নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰী জাহ যোৱাৰো উপক্ৰম ৷ অতি শীঘ্ৰেই চৰকাৰ আৰু জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ কালৰূপ

ৰঙাপৰা, 25 আগষ্টঃ ৰঙাপৰাত জৰাসৰ নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ৷ নৈৰ বুকুত জাহ কেইবাশ বিঘা কৃষিভূমি ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰত জৰাসৰ নৈৰ গৰাখহনীয়াই ৰাইজৰ মাজত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ মোলান গাওঁ আৰু ফুলবাৰী চাহ বাগিছাৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈৰ বছৰে বছৰে হৈ থকা গৰাখহনীয়াত নৈপৰীয়া ৰাইজৰ ঘৰ-বাৰী জাহ যোৱাৰো উপক্ৰম ৷ নদীখনৰ গতিবেগ ক্ৰমান্বয়ে সলনি হোৱাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে ৷ দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে জলসম্পদ বিভাগক গৰাখনহীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰেই চৰকাৰ আৰু জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

Intro:ৰঙাপৰাত জৰাসৰ নৈৰ ভয়ংকৰ গৰাখহনীয়াঃ নৈত জাহ গল কৃষক ৰাইজৰ কৃষি ভূমিBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মোলানগাঁৱত জৰাসৰ নৈৰ তীব্ৰ গৰাখহীয়া সৃষ্টি কৰি আহিছে। নৈখনৰ বুকুত জাহ গ’ল দুখীয়া কৃষকৰ ৰাইজৰ শ শ কৃষিভুমি। ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচা আৰু মোলানগাঁৱৰ মাজেৰে বৈ যোৱা জৰাসৰ নৈখনে প্ৰত্যেক বছৰে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অহাত কৃষক ৰাইজ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে। নৈখনত খহনীয়া প্ৰতিৰোধ নোহোৱাৰ বাবেই জাহ গ’ল কৃষক ৰাইজৰ কৃষি ভূমি।কেৱল কৃষি ভুমিয়ে নহয় অতি শীঘ্ৰে নৈখনত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন নকৰিলে নৈপৰীয়া ৰাইজৰ ঘৰবাৰী সকলে নৈখনৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিব। জৰাসৰ নদীৰ বাঢ়নী পানীয়ে নদীখনৰ গতিবেগ ক্ৰমানয়ে সলনি হোৱাত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে। জৰাসৰ নদীৰ ব্যাপক গৰাখহনীয়াই মোলানগাঁওৰ কেইবাগৰাকী কৃষক ৰাইজৰ কৃষি ভূমি নৈখনৰ বুকুত ইতিমধ্যে জাহ গৈছে। অনাগত দিনত নদীখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ বা গাঁও পঞ্চায়তে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহলে কেইবাজনো কৃষক ৰাইজৰ কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে মাটি-ভেটি নিশ্চিহ্ন হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। ইফালে, দীৰ্ঘদিনৰে স্থানীয় ৰাইজে জলসম্পদ বিভাগক গৰাখনহীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ নোলোৱাত ভুক্তভোগী ৰাইজ ক্ষোভিত হৈ পৰিছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.