ETV Bharat / state

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত যমুনা বড়ো - 54 কিলোগ্ৰাম শাখা

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ অভিষেক মেচতেই ব্ৰঞ্জৰ পদক যমুনা বড়োৰ ৷ চাইনিছ তাইপাই খেলুৱৈৰ হাতত পৰাজয়বৰণ অসম কণ্যা যমুনা বড়োৰ ৷ 54 কিলোগ্ৰাম শাখাত 5-0 ব্যৱধানত পৰাস্ত হয় শোণিতপুৰৰ খেলুৱৈগৰাকী ৷

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত যমুনা বড়ো
author img

By

Published : Oct 12, 2019, 5:33 PM IST

স্পৰ্টছ ডেস্ক, 12 অক্টোবৰঃ ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত পৰাস্ত শোণিতপুৰৰ জিলাৰ ঢেকিয়াজুলিৰ প্ৰতিভাৱান খেলুৱৈ যমুনা বড়ো ৷ এক সংগ্ৰামী জীৱন অতিবাহিত কৰি বিশ্ব দৰৱাৰত উজলিবলৈ সক্ষম হোৱা যমুনাই চাইনিছ তাইপাই খেলুৱৈৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হয় ৷

পুৱা মন্দিৰত পূজা-অৰ্চনা কৰা সময়ত

অৱশ্যে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ নিজৰ অভিষেক মেচতেই ব্ৰঞ্জৰ পদক লাভ কৰি সন্তুষ্ট থাকিবলগীয়া হয় খেলুৱৈগৰাকী ৷ ভাৰতীয় সময় অনুসৰি বিয়লি 4 বজাত অনুষ্ঠিত হৈছিল যমুনাৰ মেচখন ৷ পুৱাতে যমুনাৰ সফলতাৰ বাবে মন্দিৰত পূজা-অৰ্চনা কৰা দেখা পোৱা গৈছিল যমুনাৰ মাতৃ নিৰ্মলী বড়োক ৷

অতি দৰিদ্ৰ পৰিয়ালৰ যমুনা বড়োৰ মাতৃয়ে এসময়ত শাক-পাচলি বিক্ৰী কৰি জীৱন অতিবাহিত কৰিছিল ৷ বৃহস্পতিবাৰে 54 কিলোগ্ৰাম শাখাত জাৰ্মানীৰ উৰচোলা গোটল’ব 4-1 ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল যমুনাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.