ETV Bharat / state

তেজপুৰত কাৰাবন্দীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ কাৰাধীক্ষক - ETV BHARAT PRISONER NEWS

কাৰাগাৰৰ ভিতৰতো সুৰক্ষিত নহয় কাৰাবন্দী,খোদ কাৰাগাৰৰ অধীক্ষকেই যৌন নিৰ্যাতন চলালে মহিলা কাৰাবন্দীক ৷ অৱশেষত নিৰ্যাতনকাৰী কাৰাধীক্ষক গ্ৰেপ্তাৰ হ'ল তেজপুৰ আৰক্ষীৰ হাতত ৷ কাৰাধীক্ষক মৃন্ময় ডাউকা সম্প্ৰতি তেজপুৰ আৰক্ষীৰ জিম্মাত ৷

তেজপুৰত কাৰাবন্দীক নিৰ্যাতন
তেজপুৰত কাৰাবন্দীক নিৰ্যাতন
author img

By

Published : Jul 16, 2020, 6:48 PM IST

Updated : Jul 17, 2020, 2:28 PM IST

তেজপুৰ, ১৬ জুলাই : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মৃন্ময় কুমাৰ ডাউকাক আজি তেজপুৰ আৰক্ষীয়ে কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে । তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ডাউকাৰ বিৰুদ্ধে দুটা ভিন্ন গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অধীক্ষক গৰাকীৰ বিৰুদ্ধে কাৰাগাৰত মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তৰা গোচৰৰ Case No 841/20 U/S 354 (A)/409 IPC R/W Add sec 376(C) IPC ৰ অধীনত আৰু Case No 1002/20 U/S 294/354/342/506 IPCৰ অধীনত গ্ৰেপ্তাৰ কৰে কাৰাধীক্ষক মৃন্ময় কুমাৰ ডাউকাক ৷

জানিব পৰা মতে মহিলাৰ ওপৰত যৌন নিৰ্যাতন আৰু কাৰাগাৰৰ সম্পতি বিক্ৰী কৰাৰ অভিযোগত অধীক্ষক গৰাকীক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে বিয়লি স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ক'ভিড পৰীক্ষা কৰিবলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, কাৰগাৰৰ ভিতৰচ'ৰাত কাৰাবন্দী সকলৰ ওপৰত বহু সময়ত নিৰ্যাতন চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ বিশেষকৈ ৰাজ্যৰ বিভিন্ন কাৰাগাৰত ড্ৰাগছৰ অবৈধ বেহাৰ কথাও পোহৰলৈ আহিছিল বহু সময়ত ৷ এই বিষয়ে সংবাদ মাধ্য়মতো সবিস্তাৰে প্ৰকাশ পাইছিল কিছুদিন পূৰ্বে ৷ কিন্তু শেহতীয়াকৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত ঘটনা মহিলা কাৰাবন্দীক নিৰ্যাতনৰ ঘটনাই উদঙাই দিছে কাৰাগাৰৰ ভিতৰত চলি থকা অনিয়মৰ কথা ৷

তেজপুৰত কাৰাবন্দীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ কাৰাধীক্ষক

মাত্ৰ কেইদিন মান পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ সম্পৰ্কতো উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ ৷ কা আন্দোলনত গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আঠমাহ ধৰি বন্দী হৈ থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে প্ৰকাশ কৰিছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ঘটি থকা ব্যাপক অনিয়মৰ কথা ৷ গতিকে কাৰাগাৰ সমূহত চলি থকা অনিয়মৰ ঘটনা আজিৰ কথা নহয় ৷ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধীক্ষক মৃন্ময় কুমাৰ ডাউকাৰ ক্ষেত্ৰত সংঘটিত এই ঘটনাই আন আন কাৰাগাৰ সমূহৰ ভিতৰচ'ৰাৰ বিষয়েও সন্দিহান কৰি তুলিছে ৷

লগতে চাওকঃ হোজাইত বিজেপি কৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ

Last Updated : Jul 17, 2020, 2:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.