ETV Bharat / state

অসমৰ ৮০০ চাহ বাগিচাত নিৰ্মাণ হ'ব জগন্নাথ সেৱা কেন্দ্ৰ : মুখ্যমন্ত্ৰী - অসমৰ ৮০০ খন চাহ বাগিচা

তেজপুৰ ঘগ্ৰা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় মাংৰী ওৰাং আৰু ৰূপাজুলি লোকনায়ক অমিয় কুমাৰ দাসৰ নামত উৎসৰ্গিত কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । মুখ্যমন্ত্ৰীৰ ঘোষণা- অসমৰ ৮০০ চাহ বাগিচাত নিৰ্মাণ হ'ব জগন্নাথ সেৱা কেন্দ্ৰ(Jagannath Seva Kendra Will built in tea gardens) ।

jagannath-seva-kendra-will-built-in-800-tea-gardens-says-assam-cm
অসমৰ ৮০০ চাহ বাগিচাত নিৰ্মাণ হ'ব জগন্নাথ সেৱা কেন্দ্ৰ : মুখ্যমন্ত্ৰী
author img

By

Published : May 25, 2022, 10:59 PM IST

তেজপুৰ, ২৫ মে' : অসমৰ ৮০০ খন চাহ বাগিচাত নতুনকৈ নিৰ্মাণ হ'ব জগন্নাথ সেৱা কেন্দ্ৰ ৷ বুধবাৰে এই ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Jagannath Seva Kendra in tea gardens)। এই সেৱা কেন্দ্ৰত চাহ বাগিচাৰ লোকসকলে ধৰ্মীয় অনুষ্ঠান বিয়া-সবাহৰ লগতে কাৰিকৰী বিদ্যা আহৰণৰ ব্যৱস্থা থাকিব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চাহ বাগিচাৰ অন্তৰ্গত যিসকল ছাত্র-ছাত্ৰীয়ে কাৰিকৰী বিদ্যা আহৰণ কৰিব বিচাৰে তেওঁলোকে নিজা পচন্দৰ বিষয় বাচনি কৰি অধ্যয়ন কৰিব পাৰে ।

jagannath-seva-kendra-will-built-in-800-tea-gardens-says-assam-cm
অসমৰ ৮০০ চাহ বাগিচাত নিৰ্মাণ হ'ব জগন্নাথ সেৱা কেন্দ্ৰ : মুখ্যমন্ত্ৰী

চাহ বাগিচাৰ লোকসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম চৰকাৰে বিগত ২০২০ চনত চাহ বাগিচাৰ ছাত্র ছাত্ৰীৰ বাবে ১১৯ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল ।

ইফালে বুধবাৰে অসমত মুকলি কৰা হয় মুঠ ৯৬ খন উচ্চ মাধ্যমিক বিদ্যালয় (CM inaugurates high schools in tea estates) । আনহাতে একমাত্ৰ কাৰ্বি আংলং জিলাত নিৰ্বাচনৰ বাবে বাকী বিদ্যালয়সমূহ বুধবাৰৰ দিনটোত উদ্বোধন কৰা নহ'ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

বুধবাৰে উদ্বোধন কৰা বিদ্যালয়সমূহত বৰ্তমান প্ৰায় ১৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰা বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে । এই বিদ্যালয়সমূহত শিক্ষকসকলক টেটৰ জৰিয়তে উত্তীৰ্ণ হোৱাৰ পিছতহে নিযুক্তি প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘগ্ৰাত উপস্থিত হোৱাৰ পিচতে ৰূপাজুলি চাহ বাগিচাৰ বিদ্যালয়সমূহৰ শুভ উদ্বোধন কৰে । লগতে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময়ো কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ঘগ্ৰা চাহ বাগিচাৰ বিদ্যালয় স্বাধীনতা সংগ্ৰামী শ্বহীদ মাংৰী ওৰাঙৰ নামত আৰু ৰূপাজুলি চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় স্বাধীনতা সংগ্ৰামী লোকনায়ক অমিয় কুমাৰ দাসৰ নামত উৎসৰ্গিত কৰি অসমৰ প্ৰত্যেকখন চাহ বাগিচাৰ বিদ্যালয় একোজন মহান ব্যক্তিৰ নামত উৎসৰ্গিত কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে মধ্যাহ্ন ভোজন গ্ৰহণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.