ETV Bharat / state

Indegenious Tribal Leaders Forum : মণিপুৰক কুকিলেণ্ড ঘোষণা ইণ্ডিজেনিয়াছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামৰ

author img

By

Published : Jul 11, 2023, 7:41 PM IST

মঙলবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ ৬৯ নম্বৰ দিন । এই ৬৯ নম্বৰ দিনটোতে ইণ্ডিজেনিয়াছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰামে মণিপুৰ নাম ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰি কুকিলেণ্ড ব্যৱহাৰৰ ঘোষণা কৰে ।

Indegenious Tribal Leaders Forum
Indegenious Tribal Leaders Forum

তেজপুৰ, ১১ জুলাই : ইণ্ডিজেনিয়াছ ট্ৰাইবেল লিডাৰ্ছ ফ'ৰাম চমুকৈ আইটিএলএফে মণিপুৰ ৰাজ্যখনক কুকিলেণ্ড নামেৰে সম্পূৰ্ণ পৃথকীকৰণৰ দাবী জনাইছে । আইটিএলএফে মণিপুৰ নাম সম্পূৰ্ণভাৱে আঁতৰাই ৰাজ্যখনৰ নাম কুকিলেণ্ড ঘোষণা কৰে । এক প্ৰেছ বিবৃতিত ট্ৰেইবেল সংগঠনটোৱে কয় যে ছ’চিয়েল মিডিয়া আৰু চৰকাৰী নথি-পত্ৰত ৰাজহুৱাভাৱে কুকিলেণ্ড নামটো ব্যৱহাৰ কৰাত অনুমোদন জনোৱা হৈছে । আইটিএলএফে এই বিষয়ে উল্লেখ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীক সম্পূৰ্ণ উপেক্ষা কৰি চলিছে ।

আইটিএলএফৰ প্ৰেছ বিবৃতি
আইটিএলএফৰ প্ৰেছ বিবৃতি

মঙলবাৰে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ ৬৯ নম্বৰ দিন । আৰু মণিপুৰৰ হিংসাৰ এই ৬৯ নম্বৰ দিনটোতে ইণ্ডিজেনিয়াছ ট্ৰেইবেল লিডাৰ্ছ ফ'ৰামে মণিপুৰ নাম ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰি কুকিলেণ্ড ব্যৱহাৰৰ এই ঘোষণা কৰে । আনহাতে, এই দাবী সন্দৰ্ভত আইটিএলফে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছিল যদিও সেয়া নোহোৱাত মণিপুৰ হিংসাৰ ৬৯ নম্বৰ বিশেষ দিনটোত এই ঘোষণা কৰিবলগা হ'ল বুলি উল্লেখ কৰে ।

উল্লেখ্য, তেওঁলোকৰ দাবী মতে, মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই জনগোষ্ঠীৰ দ্বাৰা কুকি-জোমি জনগোষ্ঠীৰ ওপৰত চলোৱা হিংসাত্মক কাৰ্য আজিও অব্যাহত আছে । তেওঁলোকে দাবী কৰে যে বৰ্তমান ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত চলা এই সন্ত্ৰাসবাদী আক্ৰমণে কুকি-জোমি জনগোষ্ঠীক ভয়াৱহভাৱে প্ৰভাৱিত কৰিছে । কেন্দ্রীয় বা ৰাজ্য চৰকাৰে এতিয়ালৈকে এই হিংসা ৰোধৰ বাবে কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই ৷ সেয়ে কুকি-জোমি জনজাতিৰ বিৰুদ্ধে জাতিগত হিংসা আৰু অত্যাচাৰৰ ৬৯ নম্বৰ দিনটোতে আইটিএলএফে মণিপুৰ শব্দটোৰ ব্যৱহাৰক ধিক্কাৰ দিয়ে আৰু ৰাজ্যখনৰ কুকি প্ৰধান অঞ্চলসমূহক বুজাবলৈ 'কুকিলেণ্ড'ৰ ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয় ।

উল্লেখ্য যে ৩ মে'ত আৰম্ভ হোৱা মণিপুৰৰ হিংসাত্মক ঘটনা এতিয়াও শামকটা নাই । ৰাজ্যখনৰ জাতিগত হিংসাত এতিয়ালৈকে শতাধিক লোকে প্ৰাণ হেৰুৱাইছে । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । তাৰ মাজতে কুকি সংগঠনটোৰ এই ঘোষণাই আগন্তুক দিনত ৰাজ্যখনত কেনে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Himachal Pradesh Flood : হিমাচলত শেহতীয়া বানত সামগ্ৰিক ক্ষতি ৪০০০ কোটিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.