ETV Bharat / state

পৱিত্ৰ ঈদ-উল-ফিটৰক লৈ ৰঙাপৰাত নাই পূৰ্ৱৰ উৎসাহ

শুকুৰবাৰে পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ কিন্তু ৰঙাপৰাৰ জামে মছজিদত নিমাওমাও পৰিৱেশ ৷ মছজিদৰ বিপৰীতে ইছলাম ধৰ্মলম্বীসকলে বাসগৃহতে পঢ়িব পৱিত্ৰ ঈদৰ নামাজ ৷

ৰঙাপৰাত পৱিত্ৰ ঈদ-উল-ফিটৰক লৈ নাই পূৰ্ৱৰ দৰে উৎসাহ

author img

By

Published : May 13, 2021, 2:05 PM IST

ৰঙাপৰা,13 মে’: কালিলৈ অৰ্থাৎ শুকুৰবাৰে ইছলাম ধৰ্মাৱলম্বী সকলে পালন কৰিব পবিত্ৰ ঈদ ৷ সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো ৰাইজে পালন কৰিব পৱিত্ৰ ঈদ-উল-ফিটৰ । কিন্তু মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে এইবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত নাই পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা ৷

উল্লেখ্য যে, ৰঙাপৰা নগৰত থকা ঐতিহাসিক জামে মছজিদকে ধৰি ধূলাপাদুং, বৰজুলি, ১ নং ৱাৰ্ড, আমাৰীবাৰী, বালিপৰা, মিছামাৰী, বিন্দুকুৰি আদি ঠাইত থকা মছজিদ সমূহত বৰ্তমানেও নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে । প্ৰতিবছৰে পৱিত্ৰ ঈদৰ সময়ত মছজিদবোৰ আটক ধুনীয়াকৈ সজাই তোলা হয় । কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত ছবিয়ে বিৰাজ কৰিছে মছজিদতো ৷

ৰঙাপৰাত পৱিত্ৰ ঈদ-উল-ফিটৰক লৈ নাই পূৰ্ৱৰ দৰে উৎসাহ

আনন্দৰ উৎসৱ তথা ত্যাগ, সংযম আৰু মহান ভাতৃত্ববোধৰ প্ৰতীক স্বৰূপ পৱিত্ৰ ঈদ-উল-ফিটৰ প্ৰত্যেক গৰাকী ইছলামধৰ্মী লোকসকলে পালন কৰিব যদিও, কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ ফলত ৰঙাপৰা জামে মছজিদত সমূহীয়া নামাজ পঢ়াৰ বিপৰীতে নিজৰ ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি শিশু, যুৱক-যুৱতীৰ পৰা বৃদ্ধ-বৃদ্ধালৈকে পৱিত্ৰ ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনাইছে মছজিদ কমিটিয়ে । লগতে ঈদ-উল-ফিটৰ উপলক্ষে জামে মছজিদৰ সম্পাদক আব্দুল ৰহিমে বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজক ঈদৰ শুভেচ্ছা জনাইছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে মাজুলী ভ্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.