তেজপুৰ,31 অক্টোবৰ: শেহতীয়াকৈ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বক্তব্যই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভিতৰচ’ৰা প্ৰায় উদঙাই দিছে । এই সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ প্ৰেৰণ কৰিছে এক পত্ৰ ৷ এই সমগ্ৰ বিষয়ে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সৈতে ইটিভি ভাৰতৰ হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বহু কথা প্ৰকাশ কৰে ৷
উল্লেখ্য যে, সাতদিনীয়া কাৰ্যসূচীৰে 1 নৱেম্বৰত প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিং অসমলৈ আহিব ৷ সিঙে পোনতে উজনি অসম ভ্ৰমণ কৰাৰ পিছত অসমৰ বিশিষ্ট ব্যক্তি সকলকো সাক্ষাৎ কৰিব ৷