ETV Bharat / state

Manipur violence : অশান্ত মণিপুৰ, ট্ৰাইবেল ফ'ৰামৰ জৰুৰী বন্ধৰ ঘোষণা

মণিপুৰৰ কেইবাটাও অঞ্চলত আজিৰে পৰা ইণ্ডিজিনিয়াছ ট্ৰাইবেল লিডাৰ ফ'ৰামে জৰুৰীকালীন বন্ধ ঘোষণা কৰিছে । চলিত সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত সংগঠনটোৰ ।

Manipur violence
ট্ৰাইবেল ফ'ৰামৰ জৰুৰী বন্ধৰ ঘোষণা
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 1:16 PM IST

তেজপুৰ, ১ ছেপ্টেম্বৰ : পুনৰ অশান্ত হৈছে মণিপুৰ । ৰাজ্যখনৰ কিছুমান অঞ্চলত পুনৰ হিংসাত্মক কাৰ্যকলাপ আৰম্ভ হৈছে । ইয়াৰ মাজতে ইণ্ডিজিনিয়াছ ট্ৰাইবেল লিডাৰ ফ'ৰামে (Indigenous tribal leaders forum) জৰুৰীকালীন বন্ধৰ ঘোষণা কৰিছে । সংগঠনটোৱে লংফাই কোহচোৰাংবাং,কাংভাই আৰু সুগনো অঞ্চলত আজিৰে পৰা জৰুৰীকালীন বন্ধ ঘোষণা কৰিছে ।

বৃহস্পতিবাৰে সংগঠনটোৱে বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু কাংভাই অঞ্চলত হোৱা ভয়ানক গোলাবর্ষণৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে । একমাত্ৰ জৰুৰী সেৱাৰ বাহিৰে সকলো বন্ধৰ ঘোষণা কৰা হৈছে । মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ থামনাপোকপিত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে দিনজোৰা মটাৰ আৰু বন্দুকৰ আক্ৰমণ চলায় । য'ত এজন লোক নিহত হোৱাৰ লগতে ৮ জন লোক আহত হয় ।

Manipur violence
ট্ৰাইবেল ফ'ৰামৰ জৰুৰী বন্ধৰ ঘোষণা

জানিব পৰা মতে নিহত লোকজন থামনাপোকপিৰ পেবাম দেবান বুলি চিনাক্ত কৰা হৈছে । আনহাতে সুৰক্ষা বাহিনীৰ প্ৰত্যুত্তৰত ৬ কুকি উগ্ৰপন্থী নিহত হোৱা বুলিও স্থানীয় সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাইছে । এই ঘটনাটোত মুঠ ৮ জনৰ মৃত্যু আৰু ৮ জন আহত হয় । বৃহস্পতিবাৰে প্ৰায় ২.৪০ বজাত সংঘটিত হোৱা এই ঘটনাৰ ফলত অঞ্চলটোত ৪ জন সাংবাদিক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । এই ঘটনাত নিহত এজন খেতিয়ক আৰু এজন সাধাৰণ লোকো আছে । আনহাতে আহত লোকসকলৰ ভিতৰত ২ জন সুৰক্ষা কৰ্মীও আছে ।

বিষ্ণুপুৰ আৰু কাংভাই অঞ্চলত যোৱা ৩ দিন ধৰি কুকি উগ্ৰপন্থীয়ে গুলীচালনা অব্যাহত ৰাখিছে । পুৱাৰে পৰা পুনৰ গুলীচালনা আৰু বোমা বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । যিহেতু কাংভাই অঞ্চল কুকি জ' বসতি প্রধান আৰু অতিৰিক্ত সুৰক্ষা বাহিনীক পূৰ্বৰে পৰা নিয়োগ কৰা হৈছে তথাপিও সেই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত বিফল হৈছে ।

Manipur violence
ট্ৰাইবেল ফ'ৰামৰ জৰুৰী বন্ধৰ ঘোষণা

কুকি লোকসকলৰ মতেই তেওঁলোক চলিব লাগিব বুলিও দাবী কৰিছে । আনকি মেইটেই সম্প্ৰদায়ৰ কোনো সুৰক্ষা বাহিনীৰ বিষয়া যদি তাত দায়িত্ব পালন কৰিবলৈ যায় তেওঁ জীৱন্তে উভতি আহিব নোৱাৰে বুলি দাবী কৰিছে । কাংভাই আৰু চুৰাচান্দপুৰৰ মাজত অসম ৰাইফলছৰ এক বিশাল ঘাটি আছে কিন্তু তেওঁলোকক স্থানীয় কুকি লোকসকলে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলোৱাত বাধা প্ৰদান কৰি আহিছে । আনকি অসম ৰাইফলছৰ শিবিৰ থকাৰ পাছতো সীমাত চলি থকা মেইটেই আৰু কুকিৰ মাজৰ আক্ৰমণৰ গোলাবাৰুদে শিবিৰত বিনিদ্ৰ ৰজনী পাৰ কৰিছে শিবিৰৰ লোকে ।

লগতে পঢ়ক :Manipur violence: সেনাৰ তৎপৰতাত কাংপকপিত বিফল হ’ল দুৰ্বৃত্তৰ অগ্নিসংযোগৰ চেষ্টা; ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.