ETV Bharat / state

অৰুণাচল সীমান্তত ভাৰতীয় সেনাই গ্ৰহণ কৰিলে ক'ভিড প্ৰতিষেধক - অৰুণাচল সীমান্ত

অৰুণাচল সীমান্তত ভাৰতীয় সেনাক ক'ভিড প্ৰতিষেধক প্ৰদান ৷ সীমান্ত অঞ্চলত থকা অৰুণাচল প্ৰদেশৰ ফিল্ড হাস্পতালত সেনাৰ স্বাস্থ্যকৰ্মী সকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পি শুংচাই এই কথা জানিবলৈ দিয়ে ৷

indian army vaccinated at arunachal pradesh border

author img

By

Published : Jan 16, 2021, 10:04 PM IST

তেজপুৰ,16 জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হয় ৷ এই অভিযানৰ অংশ হিচাপে ভাৰতীয় সেনাৰ স্বাস্থ্য কৰ্মীসকলেও অৰুণাচল সীমান্তত প্ৰতিষেধক গ্ৰহণ কৰে ৷ জানিব পৰা মতে, সীমান্ত অঞ্চলত থকা সেনাবাহিনীৰ অৰুণাচল প্ৰদেশৰ ফিল্ড হাস্পতালত সেনাৰ স্বাস্থ্য কৰ্মীসকলক প্ৰতিষেধক প্ৰদান কৰা হয় ৷

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পি শুংচাই এই বিষয়ে জানিবলৈ দিয়ে ৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত সহযোগিতা কৰি পৰৱৰ্তী সময়ত প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আগবঢ়াই নিয়া হ'ব বুলি জানিবলৈ দি শুংচাই লগতে কয় যে শনিবাৰে প্ৰতিষেধক গ্ৰহণ কৰি সমগ্ৰ দেশৰ লগতে ভাৰতীয় সেনাবাহিনীও প্ৰতিষেধক প্ৰদান অভিযানৰ অংশীদাৰ হ'ল ৷

লগতে পঢ়ক:শোণিতপুৰত এছ এছ বিৰ 68 নং বেটেলিয়ন শিবিৰৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.