ETV Bharat / state

Seminar on Dragon Eyes : ভাৰতীয় সেনাই তেজপুৰত অনুষ্ঠিত কৰিব চীনৰ ওপৰত আলোচনা-চক্ৰ

author img

By

Published : Aug 3, 2022, 7:22 PM IST

ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী জিঅ'চি-ইন-চি (GOC-in-C) লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই তেজপুৰ গজৰাজ ক'ৰ্পছলৈ ৪ দিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হৈছে (Lt Gen RP Kalita arrived at Tezpur Gajraj Corps) । আজি বিয়লি অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পৰা তেজপুৰত উপস্থিত হয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী জেনেৰেল কলিতা ।

Tezpur
Tezpur

তেজপুৰ, ৩ আগষ্ট : ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী জিঅ'চি-ইন-চি (GOC-in-C) লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই তেজপুৰ গজৰাজ ক'ৰ্পছলৈ ৪ দিনীয়া ভ্ৰমণসূচীৰে আহি উপস্থিত হৈছে (Lt Gen RP Kalita arrived at Tezpur Gajraj Corps) । আজি বিয়লি অৰুণাচল প্ৰদেশ ভ্ৰমণৰ পৰা তেজপুৰত উপস্থিত হয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী জেনেৰেল কলিতা ।

উল্লেখ্য যে দেশৰ দীৰ্ঘদিনীয়া সুৰক্ষাৰ বাবে সেনাৰ পূব কমাণ্ড সদায় দায়বদ্ধ আৰু নেতৃত্ব প্ৰদান কৰা হৈছে । কাৰণ উত্তৰ-পূব অঞ্চলৰ সীমাবোৰ পৃথিৱীৰ যিকোনো ঠাইত থকা সীমান্তৰ তুলনাত আটাইতকৈ কঠিন,উচ্চ আৰু অৰণ্য অঞ্চলত অৱস্থিত । সেনা কমাণ্ডাৰজনে ইতিমধ্যে সীমান্তৱৰ্তী এই অঞ্চলসমূহৰ ভ্ৰমণ কৰিছে ।

ভাৰত-চীনৰ উত্তৰ সীমান্তত কাৰ্যকৰী প্ৰস্তুতিৰ বাবে অব্যাহত প্ৰচেষ্টাই সীমান্ত অঞ্চলত অধিক অগ্ৰাধিকাৰ, দ্ৰুতগতিৰ আন্তঃগাঁথনি উন্নয়ন, সেনাবাহিনীত শেহতীয়া প্ৰযুক্তিৰ সঞ্চাৰ (infusion of latest technology in army), বিভিন্ন মতবাদ আৰু ৰণনীতিৰ ওপৰত এক জোৰদাৰ আলোচনাৰ বহুতো থল আছে । এই বিষয়ে, 4 আৰু 5 আগষ্টত তেজপুৰত এখন বিশেষ আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব । 'ড্ৰেগনৰ ওপৰত তীক্ষ্ণ দৃষ্টি' শীৰ্ষক বিষয়ত ভাৰতীয় সেনাই চীনৰ ওপৰত তেজপুৰত উক্ত আলোচনা-চক্ৰ অনুষ্ঠিত কৰাৰ আয়োজন কৰিছে (Indian Army to Conduct Seminar on China) বুলি জানিবলৈ দিয়ে প্ৰতিৰক্ষা বিভাগৰ তেজপুৰস্থিত মুখপাত্ৰ লেফটেণ্ট কৰ্ণেল এ এছ ৱালিয়াই ।

এই আলোচনা-চক্ৰত উত্তৰ পাৰৰ সীমাত সঘনাই সংঘটিত হোৱা ভাবুকিৰ বিষয়ৰ সম্পৰ্ক থাকিব । সেনাৰ কমাণ্ডাৰজনে উক্ত আলোচনা-চক্ৰ তথা পেনেল আলোচনাতো অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে । ইতিমধ্যে প্ৰায় ২০০ সেনাবাহিনীৰ লোক এই আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিবলৈ তেজপুৰৰ গজৰাজ ক'ৰ্পছত উপস্থিত হৈছেহি ।

আলোচনা-চক্ৰখনৰ উদ্দেশ্য হৈছে বিভিন্ন ধৰণৰ সীমান্তৰ ৰূপৰেখাৰ বুজাবুজি অধিক পৰিষ্কাৰ কৰা, দশকজুৰি চীন-ভাৰত সীমাবিবাদৰ বিৱৰ্তন, চীনা কৌশলগত চিন্তা প্ৰক্ৰিয়া আৰু সামৰিক পৰিৱৰ্তন (Chinese strategic thought process and military transformation), প্ৰভাৱ আৰু ইয়াৰ পৰা ভাৰতে আগবাঢ়ি যোৱাৰ পৰিকল্পনা । আলোচনা-চক্ৰত বিষয়বস্তুৰ ওপৰত আলোকপাত কৰিবলৈ বিশেষজ্ঞসকলৰ আলোচনা আৰু পেনেল আলোচনা অন্তৰ্ভুক্ত থাকিব ।

য'ত জ্যেষ্ঠ পৰ্যায়ৰ কূটনীতিবিদ, শিক্ষাবিদ আৰু জ্যেষ্ঠ সামৰিক গণ্যমান্য ব্যক্তি যেনে ৰাষ্ট্ৰদূত অশোক কণ্ঠ, অধ্যাপক শ্ৰীকান্ত কোণ্ডাপল্লী, জয়দেৱ ৰাণাডে, ড০ অমৃতা জাশ, ক্লড আৰ্পি, লেফটেনেণ্ট জেনেৰেল ৰণবীৰ সিং (অৱসৰপ্ৰাপ্ত), প্ৰাক্তন সেনা কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লা (অৱসৰপ্ৰাপ্ত), সেনা প্ৰশিক্ষণ সেনাৰ কমাণ্ডাৰ আৰু লেফটেনেণ্ট জেনেৰেল এছ এল নৰসিংহন (অৱসৰপ্ৰাপ্ত), সদস্য ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা বোৰ্ড, অন্যান্য সেৱা আগবঢ়োৱা সামৰিক বিষয়াসকলৰ (Indian Armed Forces) অংশগ্ৰহণে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Guest House for Naga Patient: নগা ৰোগীৰ অতিথিশালা নিৰ্মাণৰ বাবে ভূমি আবণ্টনত তামিলনাডুৰ মুখ্যমন্ত্ৰীক ধন্যবাদ নেফিউ ৰিঅ'ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.