ETV Bharat / state

Indian Army Super 30 : ভাৰতীয় সেনাত যোগদানৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

author img

By

Published : Mar 13, 2023, 10:34 PM IST

ভাৰতীয় সেনাত যোগদানৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী । এই কাৰ্যসূচী আৰম্ভ হ'ব ১৮ মাৰ্চৰ পৰা । ভাৰতীয় সেনাই আৰম্ভ কৰিব ছুপাৰ ৩০ ইনিচিয়েটিভ প্ৰশিক্ষণ কাৰ্যসূচী (Indian Army super 30 initiative) ।

Indian Army
Indian Army

তেজপুৰ, ১৩ মাৰ্চ : সশস্ত্ৰ বাহিনীত বিষয়া হোৱাৰ (Armed forced recruitment) বাবে স্থানীয় যুৱক-যুৱতীসকলক মেণ্টৰ কৰিবলৈ ভাৰতীয় সেনাই আৰম্ভ কৰিব ছুপাৰ ৩০ ইনিচিয়েটিভ প্ৰশিক্ষণ (Indian Army super 30 initiative) । ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰ সন্মুখীন হ’বলৈ সম্ভাৱ্য বিষয়া বা প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়াৰ বাবে ভাৰতীয় সেনাই অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Limited) সৈতে অংশীদাৰিত্বৰে এক বৃহৎ সামাজিক মুক্তি প্ৰকল্প চলোৱাৰ পৰিকল্পনা কৰিছে ।

সেই উদ্দেশ্যেৰে সেনাই ক্ৰমে এনডিএ (NDA) আৰু চিডিএছৰ (CDS) বাবে একাদশ, দ্বাদশ আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চিনাক্ত, প্ৰশিক্ষণ আৰু পথ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে । প্ৰতিৰক্ষা সেৱাত কমিছনড অফিচাৰ (commissioned officer in defence services) হিচাপে অসমৰ যুৱক-যুৱতীসকলৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচী ১৯ ​​মাৰ্চ আৰু ২৬ মাৰ্চত গুৱাহাটীৰ ডিপিএছ খানাপাৰাত আৰু ২৪ মাৰ্চত মহৰ্ষি বিদ্যামন্দিৰত অনুষ্ঠিত কৰা হৈছে ।

একেদৰে ১৮ মাৰ্চ আৰু ২৫ মাৰ্চত তেজপুৰৰ অসম ভেলী স্কুলতো এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । এই প্ৰক্ৰিয়াৰ দ্বাৰা ৩০ জন ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰিবলৈ মৌখিক পৰীক্ষা, স্ক্ৰীনিং আৰু মেডিকেল পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব । তাৰ পিছত তাত উত্তীৰ্ণসকলক এনডিএ এণ্ড চিডিএছ পৰীক্ষা আৰু এছএছবিৰ সাক্ষাৎকাৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব ।

তালিকাভুক্ত কৰা ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয়ভাৱে বিখ্যাত কোচিং ইনষ্টিটিউট জৰ্জিয়ান একাডেমী ফ’ৰ প্ৰফেচনেল ষ্টাডিজত (Gorjian Academy for Professional Studies) আৱাসিক আৰু ডে' বৰ্ডিং ফৰ্মেটত সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব বুলি জানিবলৈ দিছে গুৱাহাটীৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে ।

উল্লেখ্য যে শেহতীয়াভাৱে যুৱপ্ৰজন্মক ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে সেনাবাহিনীৰ তৰফৰ পৰা কেতবোৰ কাৰ্যসূচী হাতত লোৱা হৈছে । এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও বিশেষ গুৰুত্ব প্ৰদান কৰিছে । তাৰেই এক শেহতীয়া পদক্ষেপ হৈছে ভাৰত চৰকাৰৰ অগ্নিবীৰ আঁচনি । আনহাতে, নৱপ্ৰজন্মক দেশৰ সুৰক্ষাৰ দায়িত্বৰ প্ৰতি আকৃষ্ট কৰিবলৈ আৰু সেৱামূলক মনোভাব গঢ়ি তুলিবলৈও ভাৰতীয় সেনাই সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক :Indigo Flight From Delhi to Doha: ইণ্ডিগো বিমানত যাত্ৰীৰ কৰুণ মৃত্যু, কৰাচীত জৰুৰী অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.