তেজপুৰ ,১৮ জুলাইঃ ভাৰতীয় সেনা বাহিনীৰ পৰ্টাৰ কোম্পানীয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ বাসিন্দা ফুৰপা ৱাংচুৰ পৰিয়ালটোলৈ । মহামাৰী কৰ'ণা সংক্ৰমণৰ লক্ ডাউনৰ সময়চোৱাত পশ্চিম কামেং জিলাৰ ডিৰাঙৰ অতি ভিতৰুৱা অঞ্চলৰ বাসিন্দা ফুৰপা ৱাংচুৱে পৰ্যটন ক্ষেত্ৰত কৰা মজুৰিৰে পৰিয়ালটোক পোহপাল দি আছিল যদিও COVID-19ৰ লক ডাউনৰ ফলত পৰ্যটনৰ ক্ষেত্ৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল । ৱাংচুৰ পৰিয়ালৰ বাবে ই এক বৃহৎ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল । এনে সময়তে ভাৰতীয় সেনাৰ পৰা ভাৰত-চীন সীমান্তৰ বাবে পৰ্টাৰ কোম্পানীৰ বাবে মকৰল অনুষ্ঠিত কৰে অৰুণাচল প্ৰদেশৰ ডিৰাং আৰু টাৱাঙত আৰু তাৰ পিছতেই নিযুক্তি লাভ কৰে ডিৰাঙৰ ফুৰপা ৱাংছুৱে ৷ কেৱল ৱাংছুৱেই নহয় ৱাংছুৰ দৰে মুঠ 600 জন লোকে নিযুক্তি লাভ কৰিছে ভাৰতীয় সেনাৰ এই পৰ্টাৰ কোম্পানীত ৷
![INDIAN ARMY: SAVIOURS DURING COVID CRISIS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-18july-803-pix-porterhelp-pranabkumardas-7203907_18072020114110_1807f_1595052670_25.jpg)
![INDIAN ARMY: SAVIOURS DURING COVID CRISIS](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-18july-803-pix-porterhelp-pranabkumardas-7203907_18072020114110_1807f_1595052670_956.jpg)
ৱাংচুৱে এই নিযুক্তিৰ পিছতে নিজৰ সুখ খিনি ব্যক্ত কৰে এইদৰে,"মই পুনৰ এটা সুখী জীৱন যাপন কৰিবলৈ সক্ষম হ'ব পাৰিম কাৰণ ভাৰতীয় সেনাৰ এই স্থানত কাম কৰিবলৈ পোৱা আৰু ইয়াত এটা উপযুক্ত দৰমহা প্ৰতিটো মাহত লাভ কৰিব পাৰিম আৰু সেইটোৱেই মোৰ পৰিয়ালৰ বাবে এটা আশাৰ বতৰা এই লক ডাউনৰ সময়ত ৷" ৱাংছুৱে ভাৰত-চীন সীমান্তৰ LOC ত দেশৰ হকে কাম কৰিবলৈ সুবিধা পাই নিজকে ধন্য মানিছে বুলি ব্যক্ত কৰিছে ৷
লগতে পঢ়কঃগুনমুগ্ধক ধন্যবাদ বিগ বি অমিতাভ বচ্চনে