ETV Bharat / state

ৰঙা চীনক সকিয়াই ভাৰতীয় সেনাই 27 দিনত সাজিলে বিশেষ দলং - bridge in Arunachal pradesh over the Subansiri river

২০১৬ চনৰ মাহৰ ২৭ মে তাৰিখে জম্মুত সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা ভাৰতীয় সেনাত কৰ্মৰত অৰুণাচল প্ৰদেশৰ জোৱান হাংপাং ডাডাৰ নামত উৎসৰ্গিত কৰা হৈছে এই গুৰুত্বপূৰ্ন দলংখন ৷

Indian Army build a important bridge in Arunachal pradesh over the Subansiri river
ৰঙা চীনক সচকিত কৰি ভাৰতীয় সেনাই সাজি উলিয়ালে বিশেষ দলং
author img

By

Published : Apr 25, 2020, 6:54 PM IST

তেজপুৰ,25 এপ্ৰিল: লক ডাউনৰ সময়ছোৱাতে ৰঙা চীনক সচকিত কৰি ভাৰতীয় সেনাৰ বৃহৎ সাফল্য ৷ ভাৰতীয় সেনাৰ সীমান্ত পথ নিৰ্মাণ সংস্থাই অৰুণাচল প্ৰদেশৰ ডাপৰিজুত সোৱণশিৰি নদীৰ ওপৰত মাত্ৰ 27 দিনৰ ভিতৰতে প্ৰস্তুত কৰি উলিয়ালে দীৰ্ঘদিনৰ পৰা প্ৰয়োজন হৈ থকা এখন দলং ৷ শনিবাৰে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে উক্ত দলং খন উদ্ধোধন কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ উদ্ধোধন হোৱা এই দলং খনৰ নাম দিয়া হৈছে হাংপাং ডাডা ৷ ২০১৬ চনৰ মাহৰ ২৭ মে তাৰিখে জম্মুত সন্ত্ৰাসবাদীৰ গুলীত নিহত হোৱা ভাৰতীয় সেনাত কৰ্মৰত অৰুণাচল প্ৰদেশৰ জোৱান হাংপাং ডাডাৰ নামত উৎসৰ্গিত কৰা হৈছে এই গুৰুত্বপূৰ্ণ দলংখন ৷

Indian Army build a important bridge in Arunachal pradesh over the Subansiri river
ৰঙা চীনক সকিয়াই ভাৰতীয় সেনাই 27 দিনত সাজিলে বিশেষ দলং

উল্লেখ্য যে,কৰ'ণা মহামাৰীৰ বাবে দেশজুৰি লক ডাউন বাহাল থকাৰ সময়তে নিৰাপত্তা আৰু সতৰ্কতাৰ মাজত যোৱা ১৭ মাৰ্চত আৰম্ভ কৰিছিল এই দলঙৰ কাম ৷ প্ৰায় 40 টন বহন ক্ষমতাৰে নিৰ্মাণ হোৱা এই দলং খনৰ কাম সম্পন্ন কৰে ভাৰতৰ সীমান্ত পথ নিৰ্মাণ সংস্থাৰ 23 বি আৰ টি য়ে ৷ মাত্ৰ 27 দিনতে সম্পূৰ্ণ হোৱা এই দলং খনে সীমান্তৰ এটা গুৰুত্বপূৰ্ণ পথ সংযোগ কৰিলে, যি পথ সেনাবাহিনীৰ বাবে অতি প্ৰয়োজনীয় ৷ উল্লেখনীয় যে,এই দলখনৰ ওপৰত এতিয়া চকু পৰিছে ৰঙা চীনৰ, কিয়নো সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা সংযোগ কৰিছে এই দলংখনে ৷ উল্লেখ্য যে, উক্ত স্থানতে থকা এখন দলঙত ১৯৯২ চনৰ ২৬ জুলাইত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰিছিল বাছ খনত থকা আটাইকেইজন যাত্ৰী আৰু তাৰ পাছৰে পৰা উক্ত স্থানত বন্ধ হৈ আছিল যোগাযোগৰ ব্যৱস্থা ৷ অৱশেষত ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ প্ৰচেষ্টাত,স্থানীয় শ্ৰমিকৰ সহায়ত,ভাৰতীয় সেনাৰ সীমান্ত পথ নিৰ্মাণ সংস্থাই নিৰ্মাণ কৰি উলিয়াই এই দলং খন ৷ এই দলং খনেৰে এতিয়া সীমান্তৱৰ্তী এল এ চি লৈ ভাৰতীয় সেনাই অতি সহজতে সৰবৰাহ কৰিব পাৰিব আৰ্টিলাৰী সামগ্ৰী,ৰেচন তথা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ৷

ৰঙা চীনক সচকিত কৰি ভাৰতীয় সেনাই সাজি উলিয়ালে বিশেষ দলং

তথ্য অনুসৰি 1962 চনৰ ভাৰত-চীন যুদ্ধৰ পাছৰে পৰা বৰ্তমানলৈ প্ৰায় 600 বাৰৰো অধিক সময় ভাৰতৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলাইছে চীনে ৷ যাৰ ফলত অৰুণাচল প্ৰদেশৰ সীমান্তত বহুবাৰ চীনা সেনাৰ মুখামুখিও হৈছে ভাৰতীয় সেনা ৷ সেনাই দাবী কৰা অনুসৰি সীমান্তৰ সুৰক্ষাৰ্থে থকা ভাৰতীয় সেনাক এতিয়া বিশেষ ভাৱে সহায় কৰিব এই দলং খনে ৷

লগতে পঢ়কঃ কোৱাৰেণ্টাইন কেম্প পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.