ETV Bharat / state

China-India dam conflict: ১ লাখ কোটিৰে ভাৰতে অৰুণাচলত নিৰ্মাণ কৰিব দ্বিতীয় বৃহত্তম নদীবান্ধ

author img

By

Published : Jun 23, 2022, 3:02 PM IST

চীনৰ নদীবান্ধক প্ৰতিৰোধ কৰিবলৈ (China-India dam conflict) ভাৰতে অৰুণাচল প্ৰদেশৰ য়িংকিঙত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ কৰিব দ্বিতীয় বৃহত্তম নদীবান্ধ (India to construct river dam at Arunachal) । ইয়াৰ বাবে বিনিয়োগ হ'ব প্ৰায় 113,000 কোটি টকা । বান্ধটোৰ অৱস্থান আৰু জলাশয়ৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উচ্চতা 280-300 মিটাৰ হ'ব ৷

Brahmaputra
Brahmaputra

তেজপুৰ, ২৩ জুন : চীনৰ জলবোমাক প্ৰতিৰোধ কৰিবলৈ ভাৰতে নিৰ্মাণ কৰিবলগা আন এক জলবোমাৰ বাবে ব্যয় কৰিব 113,000 কোটি টকা (India to construct river dam at Arunachal) । এইবাৰ কেন্দ্ৰীয় চৰকাৰে চীনে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল তিব্বতৰ য়াৰলুং চাংপোত (origin of the Brahmaputra Yarlung Tsangpo in Tibet) নিৰ্মাণ কৰা নদীবান্ধৰ প্ৰতিৰোধ কৰিবলৈ অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ (Chiyang District) য়িংকিঙত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে দ্বিতীয় বৃহত্তম নদীবান্ধ (second largest river dam will construct at Arunachal) ।

ইয়াৰ বাবে বিনিয়োগ হ'ব প্ৰায় 113,000 কোটি টকা (cost rs. 113,000 crores) । বান্ধটোৰ অৱস্থান আৰু জলাশয়ৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উচ্চতা 280-300 মিটাৰ হ'ব বুলি এন এইচ পি চিৰ (NHPC Director told to media)) সঞ্চালকে সংবাদ মাধ্যমৰ আগত জনায় । মুঠ 113,000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হ'ব লগা প্ৰস্তাৱিত জলাশয়টোৱে প্ৰায় ১০ বিলিয়ন কিউবিক মিটাৰ (Reservoir capacity 10 billion cubic meter) পানী জমা কৰিব পাৰিব ।

Brahmaputra
ব্ৰহ্মপুত্ৰৰ গতিপথ

ভাৰত চৰকাৰে ব্ৰহ্মপুত্ৰ নদীত (চীনৰ য়াৰলুং চাংপো) বৃহৎ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনা প্ৰতিৰোধ কৰিবলৈ এই বৃহৎ প্ৰকল্পটো গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে । ব্ৰহ্মপুত্ৰ নদী ভাৰতত ইয়াৰ মুঠ দৈৰ্ঘ্য 2,880 কিলোমিটাৰৰ ভিতৰত 918 কিলোমিটাৰলৈ বৈ গৈছে (Brahmaputra river) । অৱশ্যে ব্ৰহ্মপুত্ৰ নদীত বৈ যোৱা পানীৰ 75 শতাংশ ভাৰতৰ অৱবাহিকা (Water reservoir) অঞ্চলৰ পৰা আহে, আৰু মৌচুমী ঋতুৰ পূৰ্বে পানীৰ প্ৰধান অংশ তিব্বতৰ বৰফগলিত অঞ্চলৰ পৰা আহে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা ব্ৰহ্মপুত্ৰত নদীৰ পানী সংৰক্ষণ বা পৰিৱৰ্তনৰ চীনৰ (China initiative to dam) পদক্ষেপে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল (North-east region) আৰু বাংলাদেশৰ (Bangladesh) পানী সুৰক্ষাক প্ৰত্যাহ্বান জনাব পাৰে বুলিও অনুমান কৰা হৈছে ।

Brahmaputra
ব্ৰহ্মপুত্ৰৰ গতিপথ

সেয়েহে, জলবিদ্যুৎ উৎপাদনৰ (Hydro-electric production) উপৰি অৰুণাচল প্ৰদেশৰ য়িংকিঙত বান্ধ নিৰ্মাণে পানীৰ সুৰক্ষা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । কিয়নো ইয়াৰ দ্বাৰা বৰষুণৰ বতৰত পানী জমা কৰিব আৰু প্ৰয়োজনৰ সময়ত এৰি দিব পাৰিব । কেন্দ্ৰীয় চৰকাৰৰ অনুমান, অৰুণাচলৰ ওপৰৰ অঞ্চলত বান্ধ নিৰ্মাণে বানপানীৰ প্ৰভাৱ আৰু চীনৰ বান্ধৰ পৰা মুকলি কৰা পানীৰ সামৰ্থ্য হ্ৰাস কৰিব । মন কৰিবলগীয়া যে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত সৰু-ডাঙৰ কেবাটাও বান্ধ নিৰ্মাণ হৈছে (many big and small dams in Arunachal)। ইয়াৰ ভিতৰত পাহাৰীয়া ৰাজ্যখনৰ চৰকাৰে স্থানীয় লোকৰ বিক্ষোভৰো সন্মুখীন হৈছে ।

আনহাতে, অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হোৱা বান্ধৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত বিগত সময়ছোৱাত বহুতো আন্দোলনৰ সন্মুখীন হ'বলগীয়া হৈছে অসম আৰু অৰুণাচল প্ৰদেশৰ দয়োখন চৰকাৰে (Assam And Arunachal govt. faces protest against river dam)। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা শক্তি মন্ত্ৰী চাউনা মেনৰ কাৰ্যালয়ৰ তথ্যমতে, এই বান্ধৰ বিষয়ে ৰাজ্যখনত ভূমি হস্তান্তৰ, বন বিভাগৰ অনুমতি আৰু ৰাইজৰ মাজত আলোচনা আৰু মত বিনিময়ৰ পাছতহে কাৰ্যত পৰিণত হ'ব বুলি জানিব দিয়ে । অৰুণাচল প্ৰদেশত বৰ্তমান দুটা জলবিদ্যুৎ প্ৰকল্পৰ কাম অসম্পূৰ্ণ হৈ আছে। সেই দুটা হৈছে কামেং ছেক্টৰত বিচোম আৰু টেঙা নদীৰ ওপৰত 600 মেগাৱাটৰ আৰু নামনি সোৱণশিৰিত 2000 মেগাৱাটৰ প্ৰকল্প (Lower sowansiri river dam) ।

লগতে পঢ়ক :Maharashtra Political Crisis : শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ সৈতে কিমানগৰাকী বিধায়ক আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.