ETV Bharat / state

ভাৰত-চীনৰ দ্বি-পাক্ষিক বৈঠক সম্পন্ন

author img

By

Published : Feb 22, 2021, 12:51 PM IST

ভাৰত-চীনৰ কৰ্প কমাণ্ডাৰ পৰ্যায়ৰ 10 ম লানি বৈঠক সমাপ্ত ৷ চীনা সৈন্যই উঠাই নিলে সামৰিক বাহিনীৰ ঘাটি ৷

india china meeting completed tezpur assam etv bharat news
ভাৰত-চীনৰ দ্বি-পাক্ষিক বৈঠক সম্পন্ন

তেজপুৰ,22 ফেব্ৰুৱাৰী: ভাৰত আৰু চীনৰ সেনাৰ কৰ্প কমাণ্ডাৰ পৰ্যায়ৰ দশম লানি বৈঠক পশ্চিম লাডাখৰ সূচিলত অনুষ্ঠিত হয় ৷ এই তথ্য সদৰী কৰিছে দেশৰ প্ৰতিৰক্ষা বিভাগে ৷ দুয়োখন দেশৰ সেনাৰ মাজত সীমান্তৰ শান্তি-শৃংখলা অটুট ৰখাৰ লগতে দুয়োখন দেশৰ ৰাজ্যিক নেতাৰ আদেশ মানি চলাৰ প্ৰতিশ্ৰুতি দিয়ে বৈঠকত উপস্থিত বিষয়াসকলে ৷ আনহাতে, পশ্চিম লাডাখৰ সীমান্তৰ ঘাটিৰ পৰা চীনা সৈন্যৰ বিভিন্ন পোষ্টসমূহ আঁতৰাই নিয়াৰ প্ৰস্তুতি সম্পন্ন কৰা হৈছে ৷ ইতিমধ্যে পেংগো চু’ ৰ পৰা চীনা পিএলএ সৈন্যই সামৰিক বাহিনীৰ টেংকৰ যুদ্ধ সামগ্ৰীসমূহ উঠাই পেলাইছে ৷

ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰা চিত্ৰসমূহত কিদৰে চীনা সৈন্যই তেওঁলোকৰ যুঁজাৰু টেংক আৰু বাংকাৰসমূহ স্থাপন কৰি ৰাখিছিল আৰু সেয়া ক্ৰমান্বয়ে উঠাই নিছে তাক স্পষ্ট ৰূপত প্ৰকাশ কৰা হৈছে ৷ এই তথ্য দুয়ো দেশৰ সেনাই এক যুটীয়া বিবৃতিৰ জৰিয়তে দেওবাৰে প্ৰকাশ কৰে ৷ লাইন অৱ এক্সুৱেল কণ্ট্ৰল হিমালয়ৰ দক্ষিণ পাদদেশত লাডাখৰ পেংগো চু’ হ্ৰদৰ কাষত বিগত 2020 চনৰ এপ্ৰিল মাহৰ পৰা হাজাৰৰো অধিক চীনা সৈন্যই বাহৰ পাতি আছিল ৷ এই স্থানক চীনা সকলে অক্ষয় চীন বুলি অভিহিত কৰে ৷ ই এটা আশ্চৰ্যকৰ বিষয়, কিয়নো বিগত 10 মাহ এক মুখামুখি স্পৰ্শকাতৰ অৱস্থাৰ পৰা কেইবালানি আলোচনাৰ পিছত শনিবাৰে দুয়ো দেশৰ বুজাবুজিৰ অন্তত প্ৰথম শাৰীৰ যুঁজাৰু সামগ্ৰী, আৰ্টিলাৰী, টেংকসমূহ আঁতৰাই নিয়া আৰম্ভ কৰে ৷

উল্লেখ্য যে, উক্ত স্থানৰ সমীপত যোৱা জুন মাহত দুয়ো দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ 20 জন জোৱান আৰু এগৰাকী কমাণ্ডাৰৰ মৃত্যু হৈছিল ৷ চীনা সৈন্যৰ বহুতো সেনা নিহত হোৱাৰ তথ্য অলপতে বেইজিঙে স্বীকাৰ কৰিছে ৷ দুয়ো দেশে এতিয়া সুকলমে সেনা বাহিনীৰ প্ৰত্যাহাৰ কৰা আৰম্ভ কৰিছে ৷ বৈঠকৰ যুটীয়া বিজ্ঞপ্তিত প্ৰকাশ কৰিছে এই তথ্য ৷ চীন আৰু ভাৰতৰ মাজত 1962 যুদ্ধৰ পিছত লাডাখৰ এই মুখামুখি অত্যন্ত স্পৰ্শকাতৰ বুলি অভিহিত কৰিছে ভাৰতীয় সেনা বাহিনীয়ে ৷ পূৰ্বে চীনা সৈন্যই বাৰে বাৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল ৷ কিন্তু চীনা সৈন্যই ইয়াক অস্বীকাৰ কৰে, কাৰণ তেওঁলোকে উক্ত অঞ্চলত অক্ষয় চীনৰ অন্তৰ্ভুক্তি দাবী কৰিছিল ৷ এতিয়া এই বৈঠকৰ অন্তত চীনা সৈন্যই সামৰিক বাহিনীৰ ঘাটি উঠাই নিয়া আৰম্ভ কৰিছে ৷

লগতে চাওকঃ ন ৰূপত উজলিছে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.