ETV Bharat / state

শ’লমৰাত পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ স্বামীৰ বিৰুদ্ধে - পত্নীক নিৰ্যাতন স্বামীৰ

তেজপুৰ শ’লমৰাত মৰেল পুলিচৰ তাণ্ডৱ ৷ পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ৷ পৰ-পুৰুষৰ অবৈধ সম্পৰ্কৰ থকাৰ সন্দেহত পত্নীক নিৰ্যাতন স্বামীৰ ৷

Husband accused of harassment of wife
শ’লমৰাত পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ স্বামীৰ বিৰুদ্ধে
author img

By

Published : Aug 21, 2021, 11:04 PM IST

তেজপুৰ, ২১ আগষ্ট : তেজপুৰ শ’লমৰাত মৰেল পুলিচৰ তাণ্ডৱ ৷ পত্নীক অকথ্য নিৰ্যাতনৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ৷ পৰ-পুৰুষৰ অবৈধ সম্পৰ্কৰ থকাৰ সন্দেহত পত্নীক নিৰ্যাতন স্বামীৰ ৷

অভিযোগ অনুসৰি, দুই সন্তানৰ মাতৃ এইগৰাকী মহিলাৰ সৈতে কৰিম আলিৰ নামৰ এগৰাকী লোকৰ আছিল দীৰ্ঘদিনীয়া এক প্ৰেমৰ সম্পৰ্ক ৷ স্বামী আটাজুল হুছেইনয়ে এই প্ৰেম কাহিনী গম পাই কৰিছিল চোৰাংচোৱা গীৰি ৷

প্ৰাপ্ত খবৰ অনুসৰি, শুক্ৰবাৰে মহৰমৰ দিনটোত মহিলাগৰাকীৰ স্বামীয়ে ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই মহিলাগৰাকীৰ সৈতে প্ৰেমিক কৰিমক হাতেলোটে ধৰে স্বামীৰ লগতে একাংশ ৰাইজে ৷ তাৰ পিছত খুঁটাত বান্ধি প্ৰেমিক প্ৰেমিকাক কৰে উপৰ্যুপৰি প্ৰহাৰ ৷

ইতিমধ্যে এই মৰেল পুলিচগীৰিত জড়িত আটাজুল ৰহমান, নুৰ আলম আৰু ছহিদুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ছহিদুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছে বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

লগতে পঢ়ক: বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.