ETV Bharat / state

Mizoram police anti drug movement: মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক সৰবৰাহকাৰী

author img

By

Published : Feb 27, 2023, 9:19 PM IST

মিজোৰামক নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে মিজোৰাম আৰক্ষী আৰু অসম ৰাইফলছে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান (Mizoram police anti drug movement) । সোমবাৰে অসম ৰাইফলছে ৰাজ্যখনৰ পৰা প্ৰায় ১৩.৩ কোটি টকা মূল্যৰ হেৰইন জব্দ কৰে ৷ ইয়াৰ পূৰ্বে দেওবাৰে নিশা মিজোৰাম আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ হেৰ’ইন ৷

Mizoram police anti drug movement
মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক সৰবৰাহকাৰী

তেজপুৰ, ২৭ ফেব্ৰুৱাৰী: মিজোৰামত ড্ৰাগছ বিৰুদ্ধে অসম ৰাইফলছ আৰু আৰক্ষীয়ে পৃথকে পৃথকে অব্যাহত ৰাখিছে অভিযান । ইয়াৰ মাজতে আজি অৰ্থাৎ সোমবাৰে মিজোৰামৰ চম্পাই জিলাৰ পৰা অসম ৰাইফলছৰ ছেৰচিপ বেটেলিয়নে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় (Huge quantity of drugs Seized) । মহাপৰিদৰ্শক অসম ৰাইফলছ (পূব)ৰ তত্বাৱধানত অসম ৰাইফলছ আৰু শুল্ক প্ৰতিৰোধ বাহিনীৰ চম্পাইৰ এক সংযুক্ত দলে নিৰ্দিষ্ট তথ্য ভিত্তিত চলাইছিল এই অভিযান ।

Mizoram police anti drug movement
মিজোৰামত বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ

অসম ৰাইফলছৰ বিষয়াই জনোৱা মতে, উদ্ধাৰ হোৱা হেৰ’ইনখিনিৰ আনুমানিক মূল্য প্ৰায় ১৩.৩ কোটি টকা হ’ব । অভিযানকাৰী দলটোৱে তদন্তৰ খাতিৰত তথা পৰবৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে অভিযানৰ সময়ত জব্দ কৰা চালানখন চম্পাইৰ শুল্ক প্ৰতিৰোধমূলক বাহিনীক চমজাই দিয়ে ।

আনহাতে, মিজোৰাম আৰক্ষীয়েও দেওবাৰে নিশা আন এক অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ চম্পাই আৰক্ষীয়ে চালবৱিয়া জংচন খানকাউন আৰক্ষীৰ তালাচী চকীত এখন টেক্সিত যাত্ৰা কৰা লোকৰ পৰা এই হেৰ’ইনখিনি জব্দ কৰে ৷ আটকাধীন সৰবৰাহকাৰীটো আইজলৰ বাংকান ব্ৰিগেড ফিল্ডৰ লালহমুলিয়া (৩৭) বুলি জানিব পৰা হৈছে (Drug peddler arrested in Mizoram) ।

লগতে পঢ়ক : Anti drugs mission at Guwahati : মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ব্য়ৱসায়ী আটক

সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৭.৫ লাখ টকা হ’ব বুলি সন্দেহ কৰিছে ৷ লালহমুলিয়াই ৩ টা চাবোনৰ বাকচৰ ভিতৰত ভৰাই আনিছিল হেৰ’ইনখিনি (Huge quantity of Heroin Seized in Mizoram) ৷ আৰক্ষীয়ে চম্পাইৰ পৰা আইজললৈ নিয়াৰ সময়তে জব্দ কৰে হেৰ’ইনখিনি । চম্পাই আৰক্ষীয়ে ঘটনাৰ অধিক তদন্তৰ বাবে চম্পাই আৰক্ষী থানাত ২১(খ) এন ডি পি এছ আইনৰ অধীনত এটা গোচৰো ৰুজু কৰিছে ।

ইফালে হেৰ'ইনখিনি সৰবৰাহৰ লগত জড়িত থকা সন্দেহত চম্পাই আৰক্ষীয়ে আজি আনজনক আটক কৰে ৷ ধৃত লোকজন লালসং গভেলা (৪২) বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখ্য যে, মিজোৰাম আন্তঃৰাষ্ট্ৰীয় সীমাৰ ৰাজ্য হোৱাৰ বাবে আইজল হৈ অন্য ৰাজ্যসমূহলৈ এই নিচাযুক্ত সামগ্ৰীসমূহ সৰবৰাহ কৰা হয় । মিজোৰামক এখন নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে মিজোৰামৰ আৰক্ষীয়ে ইতিমধ্যে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Drug peddler arrested at Bokajan: বোকাজানত ১৫ কোটি টকাৰ ব্ৰাউন চুগাৰসহ এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.