তেজপুৰ, ১৩ অক্টোবৰ : কাইলৈ মহালয়া ৷ কাইলৈ স্বৰ্গলোকৰ পৰা মৰতলৈ নামি আহিব দুৰ্গতি নাশিনী দেৱী দুৰ্গা ৷ মহালয়া বুলিলে ৰাজ্যত দেখা যায় উৎসৱ মুখৰ এক পৰিৱেশ ৷ চৌপাশে এতিয়া দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা । মৃন্ময় খনিকৰ সকলো দিনে নিশাই ব্যস্ত হৈ পৰিছে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ।
এইবাৰ মহালয়া অমাৱস্যা আজি নিশা ৯ বাজি ৫০ মিনিট ২০ চেকেণ্ডৰ পৰা আৰম্ভ হৈ শনিবাৰে (১৪ অক্টোবৰ) নিশা ১১ বাজি ২৪ মিনিট ২৪ চেকেণ্ডত শেষ হ’ব । বৈদিক জ্যোতিষ শাস্ত্ৰৰ মতে অমাৱস্যাৰ আছে এক বিশেষ তাৎপৰ্য । আৰু মহালয়াৰ অমাৱস্যাৰো আছে কিছু বিশেষ মহত্ব ৷
মহালয়াত অমাৱস্যাৰ দিনা পূৰ্বপুৰুষক শ্ৰদ্ধা জনাই হিন্দু শাস্ত্ৰ অনুযায়ী তৰ্পন কৰা হয় ৷ এই তৰ্পনৰ জৰিয়তে পূৰ্বপুৰুষক জলাভিষেক কৰাৰ প্ৰথা আছে । সেয়ে এই অমাৱস্যাক সৰ্বপিত্ৰ অমাৱস্যাও কোৱা হয় । কিন্তু তৰ্পন কেতিয়া হ’ব, তাৰ সময় নিৰ্ভৰ কৰে মহালয়াৰ অমাৱস্যা তিথি কেতিয়া পৰে তাৰ ওপৰত ।
পবিত্ৰ মহালয়াৰ পিচৰ দিনটোৰ পৰাই দেৱীপক্ষ আৰম্ভ হয় । দেৱীপক্ষৰ প্ৰথম দিনটোত পবিত্ৰ ৰাত্ৰি দেৱীক শ্ৰী শ্ৰী শৈল্য পুত্ৰী ৰূপত পূজা কৰা হয় । এনেদৰে দেৱীপক্ষৰ ৯ টা দিন বা নৱ ৰাত্ৰিত দেৱী দুৰ্গাৰ ৯ টা ৰূপক পূজা কৰা হয় । এই পূজাৰ অন্তিম তথা দশম দিনটো বিজয়া দশমী হিচাপে পালন কৰা হয়।
সংস্কৃত মতে, মহালয়াৰ মহা - মানে পৰম ৷ প্ৰথম অর্থত লয়া মানে বিলীন, দ্বিতীয় অৰ্থ আলয় মানে ঘৰ অর্থাৎ ঘৰত উৎসৱৰ আৰম্ভণি । মূলতঃ যি পৰম তত্বৰ পৰা সকলো তত্বৰ জন্ম হয় আৰু য’ত সকলো তত্বৰ বিলীন হৈ যায় ৷ সেয়াই মহালয়া । সেইবাবেই কোৱা হয় যে মহালয়াত মৃত্যু বৰণ কৰা লোকে পৰম গতি পায় ।
এই পবিত্ৰ মহালয়াৰ প্ৰাকক্ষণত তেজপুৰৰ গণেশ ঘাটত দেৱী বন্দনাত ব্যস্ত হৈছে তেজপুৰ দেশ সংগীত একাডেমিৰ ববিতা দে আৰু নৃত্য-পটিয়সী অমিশা কুণ্ডু আৰু একাপৰ্ণা মিত্ৰ ৷ তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰেতপক্ষৰ সামৰণিৰ স্তুতি কৰিছে ।
এনেদৰেই এতিয়া চহৰ-নগৰ-গাঁও আদি সৰ্বত্ৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ মৰ্ত্য লৈ আগমনৰ আয়োজন চলিছে ৷
লগতে পঢ়ক : Durga Puja 2023: এইবাৰ দুৰ্গা পূজাৰ বতৰত কপাল ফুলিব এই তিনিটা ৰাশিৰ জাতক-জাতিকাৰ