ETV Bharat / state

আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল

author img

By

Published : Mar 22, 2022, 9:41 PM IST

ঐতিহাসিক সমলেৰে ভৰা তেজপুৰ । তেজপুৰৰ পৰ্বতীয়া তৰাজন কুমাৰ গাঁওৰ গড় দৌল অন্যতম ইতিহাস সমৃদ্ধ এক স্থান (Historic Garh Daul in Tezpur)। কিন্তু বৰ্তমান এই দৌল কেনে পৰিৱেশত আছে ? চৰকাৰে এই দৌলৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে নে ?

আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল
আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল

তেজপুৰ,২২ মাৰ্চ : ইতিহাস সমৃদ্ধ শোণিতপুৰ জিলাৰ তেজপুৰ চহৰ । এসময়ৰ বান ৰজাৰ ৰাজধানী তেজপুৰ চহকী বহু ঐতিহাসিক সমলেৰে (Tezpur filled with historical content)। এতিয়াও উদ্ধাৰ হোৱা নাই বহু সমল । কিন্তু সম্প্ৰতি তেজপুৰৰ ঐতিহাসিক স্থান বা সমলবোৰ সুৰক্ষিত নে ?

এয়া তেজপুৰ পৰ্বতীয়া তৰাজন কুমাৰ গাঁৱৰ গড় দৌল । এক সুকীয়া ঐতিহ্য আছে এই দৌলৰ (Garh daul has a unique heritage)। বান ৰজাৰ ৰাজত্ব কালৰ বহু স্মৃতি বিজড়িত এই দৌলৰ মুঠ ভূমি আছিল প্ৰায় ৫২ বিঘা । কিন্তু বৰ্তমান আছেগৈ মাত্ৰ ৩৭ বিঘাহে ।

আজিও অৱহেলিত তেজপুৰৰ ঐতিহাসিক গড় দৌল

প্ৰায় বোৰ সম্পদ সংৰক্ষণৰ অভাৱত বা উদ্ধাৰ নোহোৱাকৈয়ে নষ্ট হৈ গৈছে । কিন্তু দৌল সংৰক্ষণৰ ক্ষেত্ৰত আজিলৈ কোনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ? চৰকাৰৰ অৱহেলাৰ বাবেই আজি সংকটত ঐতিহাসিক গড় দৌল ।

২০০৬ চনত চৰকাৰে আৰম্ভ কৰিছিল ইয়াৰ খনন কাৰ্য । কিন্তু আৰম্ভ হে কৰিলে শেষ কৰিব নোৱাৰিলে । যাৰ বাবে এই দৌলক অতি শীঘ্ৰে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় লোকসকলে ।

অৱশ্যে ৰাইজৰ এনে দাবীৰ প্ৰতি চৰকাৰে কেনেধৰণে গুৰুত্ব দিয়ে সেয়াহে লক্ষণীয় হ'ব । কিন্তু এটা কথা নিশ্চিত যে চৰকাৰী পক্ষই যদি গুৰুত্ব নিদিয়ে এটা সময় আহিব যেতিয়া এই দৌলৰ নাথাকিব কোনো অস্তিত্ব ।

লগতে পঢ়ক :পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত যুৱকৰ সজাগতামূলক যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.