তেজপুৰ, ২৪ এপ্ৰিল: বহু ক্ষেত্ৰত মানুহজন পৃথক আৰু অনন্য ৷ সেইবাবেই তেওঁ প্ৰিয়, সেইবাবেই সকলোৱে বিচাৰে তেওঁক, সেইবাবেই তেওঁ সকলোৰে মামা । মামাই কথা দি কথা ৰাখে । সেয়া প্ৰায়েই প্ৰমাণিত হৈ আহিছে (CM fulfills his promise) । পুনৰবাৰ সেই কথাকে প্ৰমাণ কৰিলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । চলিত মাহৰ ৮ তাৰিখৰ কথা । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল তেজপুৰত ।
তাৰ ভিতৰত এটা কাৰ্যসূচী আছিল তেজপুৰ ক'ৰ্ট চাৰিআলিত ঊষা-অনিৰুদ্ধৰ প্ৰতিমূৰ্তি উন্মোচন । প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচী চলি থাকোতেই এজন যুৱকে মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল । মুখ্যমন্ত্ৰীৰ অনুগ্ৰহত শোণিতপুৰৰ বৰছলাৰ দীপক বড়ো নামৰ গীত গাই ভালপোৱা যুৱকজনে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মামাক জুবিন গাৰ্গৰ এটি গীত গাই শুনাইছিল (CM Himanta Biswa Sarma) ।
যুৱকজনৰ গান শুনি মুখ্যমন্ত্ৰী গৰাকীয়ে যুৱক জনক কয় যে, ‘‘বড়ো তই ভাল চিংগাৰ হ'ব লাগিব । তোক কী-বৰ্ড এখন দিম, ভালকৈ গাবি, বিহুত ফাংচন কৰিব লাগিব ।’’ তেতিয়া মামাই ভাগিনক কিবা সামগ্ৰীৰ প্ৰয়োজন আছে নেকি বুলি সুধিছিল । তেতিয়া দীপক বড়োৱে কেৱল এখন কী-বৰ্ডৰ প্ৰয়োজন আছে বুলি কৈছিল আৰু মুখ্যমন্ত্ৰীয়ে তাক এখন কী-বৰ্ড দিয়া হ'ব বুলি কথা দিছিল ।
মঙলবাৰে মামাই মৰমৰ ভাগিনক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে (Himanta Biswa Sarma fulfills his promise made to Deepak Bodo) । শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা ভাগিনক এখন কী-বৰ্ড প্ৰদান কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা । কী-বৰ্ডখন লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰে সংগীতৰ সাধনা চলাই যোৱা দীপক বড়ো ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বড়োৱে । লগতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ তথা এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে বড়োৱে । উল্লেখ যে, দীপক বড়োৱে এখন হোটেলত কাম কৰাৰ লগতে নীৰৱে চলাই আহিছে সংগীত চৰ্চা ।
লগতে পঢ়ক: Gunotsav 2023 Result : গুণোৎসৱ ২০২৩ৰ ফলাফল ঘোষণা; শীৰ্ষত পুনৰ শিৱসাগৰ, শেষত কাৰ্বি আংলং