তেজপুৰ, 4 জানুৱাৰী: হিম চেঁচা শীতে কঁপাইছে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিম ৷ আৰম্ভ হৈছে তুষাৰপাত ৷ বছৰৰ প্ৰথম তুষাৰপাতত স্তব্ধ হৈ পৰিছে চিকিমৰ জনজীৱন ৷ শুকুৰবাৰে বিয়লিৰ পৰা আৰম্ভ হোৱা এই তুষাৰপাতৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷
চিকিমৰ চৰকাৰী তথ্য অনুসৰি উত্তৰ আৰু পূব চিকিমত আগন্তুক সময়ত অধিক বৃদ্ধি পাব তুষাৰ আৰু বৃষ্টিপাতৰ সম্ভাৱনা৷ ইতিমধ্যে পূৱ চিকিমৰ লাচেন, লাচুং, যুলোক, কুপআপ আদি সমগ্ৰ অঞ্চল ঢাকি ধৰিছে বৰফে ৷
ইয়োৰোপৰি দাৰ্জিলিঙৰো বহু অঞ্চল বৰফে আৱৰি ধৰিছে ৷ যাৰ ফলত পৰ্যটক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে যদিও এই তুষাৰ বৃষ্টিৰ আমেজ উপভোগো কৰিছে ৷
লগতে পঢ়ক: ন ৰূপত সাজু লাওখোৱা আৰু বুঢ়াচাপৰি বনাঞ্চল