ETV Bharat / state

ক’ভিড প্ৰতিষেধক কেন্দ্ৰত স্বাস্থ্য কৰ্মীক আক্ৰমণ দুষ্কৃতিকাৰীৰ - health workers attack in sonitpur

বুধবাৰে শোণিতপুৰৰ 72 নং বৰচলা বিধান সভা সমষ্টিৰ বৰছলাত ক’ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদান কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ স্বাস্থ্য কৰ্মীলৈ লক্ষ্য কৰি শিল-ইটা বৰ্ষণ একাংশ উত্তেজিত লোকৰ । ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া । কথমপি প্ৰাণ ৰক্ষা পৰে বৰছলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীৰ দলটোৰ ।

heated-situation-in-covid-vaccine-centre
স্বাস্থ্য কৰ্মীক আক্ৰমণ দুষ্কৃতিকাৰীৰ
author img

By

Published : Jul 21, 2021, 10:56 PM IST

তেজপুৰ, 21 জুলাই : শোণিতপুৰ জিলাৰ 72 নং বৰছলা বিধানসভা সমষ্টিৰ বৰছলাত বুধবাৰে ক’ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদানক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ বৰভগীয়াৰ হৰগৌৰী মন্দিৰত বৰছলা নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হৈছিল এই ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ৷ প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে বিভ্ৰান্তিৰ সৃষ্টি কৰে কোনো দুষ্টচক্ৰই ৷ লগে লগে উত্তেজিত হৈ স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিবলৈ উদ্যত হয় একাংশ লোকে ।

বৰছলাত স্বাস্থ্য কৰ্মীক আক্ৰমণ দুষ্কৃতিকাৰীৰ

একাংশ উত্তেজিত লোকে স্বাস্থ্য কৰ্মীলৈ লক্ষ্য কৰি শিল-ইটা নিক্ষেপ কৰে ৷ অৱশ্যে সৌভাগ্যক্ৰমে স্বাস্থ্য কৰ্মীৰ দলটোৰ প্ৰাণ ৰক্ষা পৰে । ঘটনাস্থলীত বৰছলা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে স্বাস্থ্য কৰ্মীৰ দলটোক উদ্ধাৰ কৰে ।

ইফালে বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা(Gorkha Students Union)ই বৰভগীয়া পঞ্চায়তৰ সভাপতিয়ে নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপপ্ৰয়োগ কৰি এচাম লোকক প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অঞ্চলটোৰ ৰাইজে ৷ লগতে ঘটনাৰ লগত জড়িত দোষীক শাস্তিৰ দাবী জনাইছে । কেন্দ্ৰটোত বুধবাৰে মাত্ৰ 150 টা প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ তাৰ বিপৰীতে প্ৰতিষেধক লোৱাৰ বাবে প্ৰায় দুগুণ লোক উপস্থিত হৈছিল কেন্দ্ৰটোত ৷

আনহাতে, শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে উক্ত ঘটনাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি সমগ্ৰ ঘটনাটোৰ এক তদন্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে । ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এই তদন্তৰ নিৰ্দেশ দিয়া বুলি জিলা উপায়ুক্তগৰাকীয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক : পোনপ্ৰথমবাৰৰ বাবে বহিঃৰাজ্যৰ বজাৰত শোণিতপুৰৰ ফল-মূল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.