ETV Bharat / state

সাপ্তাহিক বজাৰ খোলাক লৈ শোণিতপুৰত উত্তপ্ত পৰিস্থিতি - শোণিতপুৰ

চৰকাৰে কিছুমান নীতি-নিয়মৰ মাজৰে ৰাজ্যৰ হাট-বজাৰসমূহ খুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ সেইমৰ্মে দেওবাৰে শোণিতপুৰ জিলাৰ লখৰা সাপ্তাহিক বজাৰ খুলিবলৈ অহা একাংশ ব্যৱসায়ীৰে সৈতে বাক-বিতণ্ডা হয় স্থানীয় লোকৰ ৷ স্থানীয় লোকে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ প্ৰতি শংকিত হৈ বজাৰ বন্ধ কৰিবলৈ কোৱাত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷

heated situation for market opening in sonitpur

author img

By

Published : Jun 14, 2020, 12:28 PM IST

Updated : Jun 14, 2020, 1:21 PM IST

ৰঙাপৰা, 14 জুনঃ দেওবাৰে সাপ্তাহিক বজাৰ খোলাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত লখৰাত ৷ বজাৰ খোলাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু বজাৰ কৰ্তৃপক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ ৷ তেজপুৰত কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান স্থিতিত শংকিত হৈ পৰা ৰাইজে এই মহামাৰীৰ সংক্ৰণৰ আশংকা কৰি সাপ্তাহিক বজাৰ খোলাত বাধা প্ৰদান কৰে ৷ কিয়নো লখৰা সপ্তাহিক বজাৰত বজাৰ কৰিবলৈ আহে জিলা খনৰ ভিন্ন প্ৰান্তৰ বহু লোক ৷

সাপ্তাহিক বজাক খোলাক লৈ শোণিতপুৰৰ লখৰাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, যোৱা 8 জুনত ৰাজ্য চৰকাৰে কিছুমান নীতি-নিয়মৰ মাজৰে ৰাজ্যৰ হাট-বজাৰসমূহ খুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ সেই নিৰ্দেশনা অনুযায়ী দেওবাৰে জিলাখনৰ সৰ্ববৃহৎ লখৰা সাপ্তাহিক বজাৰলৈ আহিছিল একাংশ মহলদাৰকে ধৰি ব্যৱসায়ী ৷ কিন্তু স্থানীয় ৰাইজে বজাৰ খোলাত বাধা প্ৰদান কৰাৰ বাবে সেই স্থানত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিস্থিতিৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থীলত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ ইয়াৰোপৰি ঘটাস্থলীত আৰক্ষী মোতায়েন কৰাৰ লগতে বজাৰখনো বন্ধ কৰি দিয়ে ৷

লগতে পঢ়কঃ বাঘজানত উপস্থিত হ'বলৈ সময় নাই মুখ্যমন্ত্ৰীৰ, লুৰিণৰ প্ৰতিক্ৰিয়া

Last Updated : Jun 14, 2020, 1:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.