ৰঙাপৰা, 2 জুন: শোণিতপুৰৰ খনামুখ উপ-স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্তব্যৰত চিকিৎসকৰ ওপৰত দুস্কৃতিকাৰীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে । খনামুখ উপ-স্বাস্থ্য কেন্দ্ৰৰ এই সকল চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে ক'লা বেজ পৰিধান কৰি কৰ্মবিৰতি পালন কৰে ।

উল্লেখ্য যে, উপ স্বাস্থ্যকেন্দ্ৰটোত চলি আছিল ক’ভিডৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷ সেই কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখি স্বাস্থ্যকৰ্মীসকলে কৰ্মবিৰতি পালন কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ প্ৰদানৰ দাবী জনাই চিকিৎসক সকলৰ সুৰক্ষাৰ বাবে নতুন আইন প্ৰণয়নৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ।
লগতে পঢ়ক : অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিত বিপৰ্যস্ত জনজীৱন