ETV Bharat / state

ভূমিস্খলনৰ সম্ভাৱনাপূৰ্ৱ অঞ্চল চিনাক্তকৰণৰ গৱেষণা সম্পন্ন GSIৰ - ড৹ চিবাল ঘোষ

ভূমিস্খলনৰ পূৰ্বে অনুমান কৰিব পৰা বিষয়ৰ ওপৰত গৱেষণা সম্পন্ন GSIৰ ৷ প্ৰথমে দাৰ্জিলিং আৰু তাৰপাচত পশ্চিম বংগৰ নীলগিৰি আৰু তামিলনাডুত সম্পন্ন কৰা হয় এই পৰীক্ষা ।

GSI starts research to identify landslide posibility area
ভূমিস্খলনৰ পূৰ্বে অঞ্চল চিনাক্তকৰণৰ গৱেষণা সম্পন্ন GSIৰ
author img

By

Published : Aug 24, 2020, 8:21 PM IST

তেজপুৰ, 24 আগষ্ট: Geological Survey of Indiaই শেহতীয়াকৈ ভূমিস্খলনৰ পূৰ্বে অনুমান কৰিব পৰা বিষয়ৰ ওপৰত সম্পন্ন কৰিছে এক পৰীক্ষা । GSIয়ে এই গৱেষণাৰ প্ৰথম অৱস্থাত দাৰ্জিলিং, তাৰপাচত ক্ৰমে পশ্চিম বংগৰ নীলগিৰি আৰু তামিলনাডুত সম্পন্ন কৰে ।

উল্লেখ্য যে, বাৰিষাৰ সময়ছোৱাত সাম্ভাব্য অঞ্চলত হ’ব পৰা প্ৰৱল ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি কয়লা আৰু খনিজ পদাৰ্থ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই তথ্য ছ’চিয়েল মিডিয়াযোগে প্ৰকাশৰ কথা GSIয়ে জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ত GSIৰ GHRM ডিভিজনৰ সঞ্চালক ড৹ চিবাল ঘোষে কয় যে, ‘‘অন্য উন্নয়নশীল দেশত যিদৰে আগতীয়াকৈ ভূমিস্খলনৰ উমান পোৱা যায় আৰু তাৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা হয়, ঠিক সেইদৰে GSIয়ে ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় ইউৰোপত ‘লেণ্ডশ্লিপ’ নামৰ এক গৱেষণা কৰি লেণ্ডছকেপ আৰু জলবায়ু সম্পৰ্কে গৱেষণা কৰি আহিছে ’’ ।

GSI starts research to identify landslide posibility area
ভূমিস্খলনৰ পূৰ্বে অঞ্চল চিনাক্তকৰণৰ গৱেষণা সম্পন্ন GSIৰ

লগতে তেওঁ কয় যে, ভাৰতৰ 16 খন পাহাৰীয়া ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য হিমালয়ৰ পাদদেশত অৱস্থিত ৷ লগতে হিমালয়ৰ কিছু নামনিত আছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু পশ্চিম ঘাটৰ অংশ প্ৰৱল ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে । এই ভূমিস্খলন প্ৰৱণ ঠাইৰ 12.6% খহনীয়া এলেকা (4.2 লাখ বৰ্গ কিল'মিটাৰ)ত 170 খন জিলা সামৰি লোৱা হৈছে বুলি GSI য়ে এক বিবৃত্তিত প্ৰকাশ কৰে । এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয়ভাৱে কাম কৰি থকা হৈছে ৷

ড৹ চিবালে পুনৰ কয় যে, এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ ভূমিস্খলনৰ ওপৰতো পৰ্যবেক্ষণ কৰা হৈছে । GSI ৰ ক্ষেত্ৰভিত্তিক মেপ সাজু কৰি ইয়াৰ ওপৰত কাম আৰম্ভ কৰা হৈছে, যাতে পাহাৰীয়া অঞ্চলত বাৰিষা কালত হ’ব পৰা সাম্ভাব্য ভূমিস্খলনৰ আগমূহুৰ্তত পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় । এই বিষয়ে সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু বিশেষ পথ মেৰামতি বিভাগৰ পৰা নিৰ্দিষ্ট এলেকাত কাম কৰিবলৈ আহ্বান জনোৱা বাবে অপেক্ষা মাত্ৰ ।

উল্লেখ্য যে, চলিত বৰ্ষত অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত 4 জন লোক নিহত হৈছে ।

লগতে পঢ়ক: পৰ্যটনৰ সম্ভাৱনাৰে পুষ্ট বগৰীবাৰীৰ মা মহামায়া ধাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.