ETV Bharat / state

বাণিজ্যিক ভিত্তিত জেমছ ষ্টোনৰ পৰীক্ষণ আৰম্ভ কৰিলে জি এছ আইয়ে - GSI James stone examination

বহু সময়ত গ্ৰাহকৰ বাবে চাহিদা পূৰণ কৰিবলৈ গৈ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে প্ৰকৃত জেমছ ষ্টোনৰ পৰিৱৰ্তে ভূৱা ষ্টোন যোগান ধৰা পৰিলক্ষিত হয় ৷ যাৰ বাবে ব্যৱসায়িক ভিত্তিত জেমছ ষ্টোন পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ভূ-তত্ব জৰীপ বিভাগে ৷

As_Tezpur_16Nov_02_gsi-has-started-james-stone-examination_7203907
বাণিজ্যিক ভিত্তিত জেমছ ষ্টোনৰ পৰীক্ষণ আৰম্ভ কৰিলে জি এছ আইয়ে
author img

By

Published : Nov 16, 2020, 9:50 PM IST

তেজপুৰ, 16 নৱেম্বৰঃ বাণিজ্যিক ভিত্তিত জেমছ ষ্টোন পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ভূ-তত্ব জৰীপ বিভাগে ৷ ভাৰতৰ বজাৰত দিনক দিনে বৃদ্ধি পাইছে জেমছ ষ্টোনৰ চাহিদা ৷ এই ব্যৱসায়ে ভাৰতৰ অৰ্থনীতিত 7 শতাংশ জিডিপি বৃদ্ধিত সহায় কৰিছে ৷ বিগত চাৰিটা দশকত জেমছ ষ্টোনৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে ব্যৱসায়িক ভিত্তিত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ নতুন নতুন জেমছ ষ্টোনৰ উদ্ভাৱন কৰা দেখা গৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতীয় ভূতত্ব জৰীপ বিভাগে এই পাথৰৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, বহু সময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ গৈ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে প্ৰকৃত জেমছ ষ্টোনৰ পৰিৱৰ্তে ভূৱা ষ্টোন যোগান ধৰা পৰিলক্ষিত হয় ৷ ভূ-তত্ব জৰীপ বিভাগৰ সহকাৰী ভূতত্ববিদ শয়নি মিত্ৰৰ মতে এই পৰীক্ষাত কোনো পক্ষপাতিত্ব নকৰাকৈ সকলো ধৰণৰ অত্যাৱশ্যকীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে অতি মূল্যবান এই ৰত্নবিধ কোনো কাৰণতে নষ্ট বা ক্ষতিসাধন নহয় । বিভাগে কেন্দ্ৰীয় চৰকাৰৰ মীন মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে জেমল’জিকেল পৰীক্ষাগাৰৰ ব্যৱস্থা গ্ৰহণ কৰে যাতে কম খৰচত ৰাইজক শুদ্ধ তথ্য যোগান ধৰিব পাৰি ৷

বাণিজ্যিক ভিত্তিত জেমছ ষ্টোনৰ পৰীক্ষণ আৰম্ভ কৰিলে জি এছ আইয়ে

ভাৰতীয় ভূ-তত্ব জৰীপ বিভাগে বিগত ৭০ বছৰ ধৰি এই সেৱা আগবঢ়াই আহিছে যদিও সীমিত প্ৰচাৰৰ বাবে ই জন সাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাত অসমৰ্থ হৈছে ৷ ভূতত্ববিদ শয়নি মিত্ৰই জনায় তেওঁলোকে এই জেমছ চিনাক্তকৰণ পদ্ধতি অৱলম্বন কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে এই পৰীক্ষাৰ অধীক্ষক ভৃগু শংকৰে কয় যে, ‘আমি এই পদ্ধতি অৱলম্বন কৰি উন্নত মানৰ ৰত্ন জনসাধাৰণৰ মাজত দিয়াৰ প্ৰয়াস কৰি আছো ৷’ ইতিমধ্যে চেণ্ট্ৰেল নাগপুৰ, হায়দৰাবাদ, কলিকতাৰ মুখ্য কাৰ্যালয়ৰ উপৰিও জি এছ আই উত্তৰ পূৰ্বাঞ্চলৰ শ্বিলঙতো এই ব্যৱস্থা আছে ৷

লগতে পঢ়ক-বৰপেটাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.