তেজপুৰ,২ জুন : শোণিতপুৰ জিলাৰ বৃহত্তৰ নদুৱাৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত উখল মাখল পৰিৱেশ । মহাবিদ্যালয়ৰ চাহ বাগিছাত উৎপাদিত চাহপাতেৰে প্ৰস্তুত কৰা 'গ্ৰীণ টি' গ্ৰাহকৰ বাবে মুকলি কৰাৰ লগে লগে আনন্দিত শিক্ষাৰ্থী, প্ৰবক্তাসকল । ইয়াৰ উপৰিও একেদিনাই মহাবিদ্যালয়ত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় (3 books were released at THB College)।
![THB College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-1june-pix-collegetea-pranabkumardas-7203907_01062022185334_0106f_1654089814_876.jpg)
উল্লেখ্য যে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ চাহ বাগিছাত উৎপাদিত চাহপাতেৰে প্ৰস্তুত কৰা 'গ্ৰীণ টি' গ্ৰাহকৰ বাবে বুধবাৰে মুকলি কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই (Green tea produced by THB College)। ইয়াৰ লগে লগে নিজাববীয়াকৈ "গ্ৰীণ টি" প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা অসমৰ প্ৰথমখন মহাবিদ্যালয় হিচাপে সুনাম অৰ্জন কৰিছে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে । মহাবিদ্যালয়খনৰ মুঠ ২২ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰা হৈছে আৰু তাৰে ৪ বিঘা মাটিত জৈৱিকভাৱে চাহ উৎপাদন কৰা হয় । মহাবিদ্যালয়খনৰ এই সফলতাত আনন্দিত বিধায়ক পদ্ম হাজৰিকা ।
![THB College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15452194_736_15452194_1654165287581.png)
আনহাতে এই অনুষ্ঠানতে বিধায়ক গৰাকীয়ে ড০ ৰাম্না ৰাজখোৱাৰ সম্পাদিত 'ভিন্ন প্ৰসংগ নদুৱাৰৰ জলঙাৰে' গ্ৰন্থখনি উন্মোচন কৰে । ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ হৰকান্ত গগৈ সোঁৱৰণী মঞ্চত ড০ বিপুল কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ অজিত হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে । উক্ত অনুষ্ঠানত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুখদেৱ অধিকাৰী উপস্থিত থাকি হাতী ধৰা আৰু হাতীৰ জীৱন প্ৰণালীৰ আধাৰত সংগ্ৰহ কৰি সংকলিত কৰা 'হাতী পুথি' আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড০ বিপুল কুমাৰ বৰাই 'কিতাবত মঞ্জৰি' নামৰ আন এখনি গ্ৰন্থও উন্মোচন কৰে । উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ পাঠক আৰু উপাধ্যক্ষ অৰুণ শৰ্মা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক :বৰ্জিত পানীৰে বিদ্যুৎ শক্তি উৎপাদনৰ প্ৰযুক্তি উদ্ভাৱন আই আই টি গুৱাহাটীৰ