ETV Bharat / state

Grazing festival in Arunachal Pradesh:পশ্চিম অৰুণাচল প্ৰদেশৰ বুমলাত চৰণীয়া পথাৰ উৎসৱ - পশ্চিম অৰুণাচল প্ৰদেশৰ বুমলাত চৰণীয়া পথাৰ উৎসৱ

পশ্চিম অৰুণাচল প্ৰদেশৰ বুমলা পাছৰ সমীপৱৰ্তী টাৱাং অঞ্চলৰ স্থানীয় চৰণীয়া পথাৰত আয়োজিত চচিন চৰণীয়া মহোৎসৱত ১০০ জন চৰণীয়া পথাৰৰ গৰাকীই অংশগ্ৰহণ কৰে । পাহাৰীয়া অঞ্চলত য়াক পালনক লৈ আয়োজন কৰা হয় এই উৎসৱ ।

Grazing festival in Arunachal Pradesh
চৰণীয়া মহোৎসৱ পশ্চিম অৰুণাচল প্ৰদেশত
author img

By

Published : Jul 17, 2023, 2:18 PM IST

তেজপুৰ, ১৭ জুলাই : যোৱা ১৪ জুলাইলৰ পৰা দুদিনীয়াকৈ পশ্চিম অৰুণাচল প্ৰদেশৰ বুমলা পাছৰ সমীপৱৰ্তী টাৱাং অঞ্চলৰ স্থানীয় চৰণীয়া পথাৰত চচিন চৰণীয়া মহোৎসৱ উদযাপন কৰা হয় । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এই প্ৰসংগত কয় যে বুমলা পাছৰ ওচৰৰ চচিন আৰু অন্যান্য পৰম্পৰাগত চৰণীয়া পথাৰসমূহৰ গৰাকীয়ে ঐতিহাসিকভাৱে স্থানীয় মনপা জীৱন শৈলীৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে । এইসকল লোক জীৱিকাৰ মাধ্যম হিচাপে যাযাবৰী পশু পালনৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল ।

পাহাৰীয়া অঞ্চলত য়াক পালন এক প্ৰধান বৃত্তি আৰু ইয়াৰ উৎসৱ পালন কৰা হয় । এই উৎসৱত চহৰ অঞ্চলত প্ৰচলিত চিকিৎসাৰ সুবিধা নোহোৱাকৈ প্ৰায়ে দূৰৱৰ্তী স্থানত বাস কৰা স্থানীয় চৰণীয়া পথাৰৰ অংশীদাৰী লোকসকলক সহায় কৰাৰ বাবে চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় । স্থানীয় চৰণীয়া পথাৰত থকা জীৱ-জন্তুবোৰক একেধৰণৰ চিকিৎসা সহায় আগবঢ়াবলৈ পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । পশু স্বাস্থ্যৰ ওপৰত এক বক্তৃতাও প্ৰদান কৰা হয় । এই চৰণীয়া পথাৰত পশুধনৰ উন্নত যত্ন নিশ্চিত কৰাত সহায় কৰিব বুলি প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ।

এই পদক্ষেপ সমূহ টাৱাং অঞ্চলৰ চাৰিওফালে পৰম্পৰাগত চৰণীয়া পথাৰসমূহৰ তাৎপৰ্যৰ স্বীকৃতি হিচাপে গ্ৰহণ কৰা হয় । স্থানীয় জীৱিকাৰ সমসাময়িক উৎস হিচাপে আৰু মনপা জনগোষ্ঠীৰ ঐতিহ্যৰ এটা মূল খণ্ড হিচাপে পৰিগণিত যিয়ে মনপা সকলৰ চৰণীয়া পথাৰত একাধিক প্ৰজন্মই নিজৰ পশুধনক এটা ৰুক্ষ ভূখণ্ড আৰু প্ৰতিকূল বতৰত তেওঁলোকৰ পৰম্পৰাগতভাৱে পশুধনৰ বাবে প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে । ইয়ে সামগ্ৰিকভাৱে স্থানীয় সম্প্ৰদায়ক সহায় কৰে । স্থানীয় এটা দলে অনুষ্ঠিত কৰা এই অনুষ্ঠানত মনপা সংস্কৃতিৰ চহকী আড়ম্বৰ প্ৰদৰ্শন কৰাৰ পিছত স্থানীয় চৰণীয়া পথাৰৰ লোকসকলক সম্বৰ্ধনা জনোৱা হয় ।

এই অনুষ্ঠানত প্ৰায় ১০০ জন চৰণীয়া পথাৰৰ গৰাকী আৰু তেওঁলোকৰ ৪০০ৰো অধিক সংখ্যক ইয়াকৰ জাক, লেম্বুৰডুং গাঁৱকে আদি কৰি টাৱাং অঞ্চলৰ কাষৰীয়া গাঁওসমূহৰ পৰা অহা লোকসকলে অংশগ্ৰহণ কৰে । এই খেলপথাৰসমূহক ঐতিহাসিক বুলি গণ্য কৰি আহিছে । কাৰণ যুগ যুগ ধৰি ব্যৱহাৰ কৰা ধ্বংসাৱশেষ যিবোৰে তেওঁলোকৰ পূৰ্বপুৰুষে ব্যৱহাৰ কৰিছিল । ভাৰতীয় সেনা আৰু স্থানীয় প্ৰশাসনৰ যৌথ প্ৰচেষ্টাত এই অনুষ্ঠানৰ বাবে আগবঢ়োৱা সহযোগিতাৰ স্থানীয় চৰণীয়া পথাৰৰ কমিটীয়ে শলাগ লয় । উক্ত অনুষ্ঠানটোত স্থানীয় মনপা জনগোষ্ঠীৰ বাবে এই চৰণীয়া পথাৰসমূহৰ তাৎপৰ্য প্ৰদৰ্শন কৰা হয় । বহুতেই নিজৰ য়াক'ৰ জাকৰ সৈতে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি চাচিন চৰণীয়া পথাৰত উপনীত হয় । এই পৰম্পৰাগত চৰণীয়া পথাৰ উৎসৱ ।

লগতে পঢ়ক:Artificial flood in Lakhimpur: কৃত্ৰিম বানত ডুব গ’ল লখিমপুৰৰ 40 খন গাঁও; প্ৰভাৱিত কেইবাহেজাৰ বিঘা শস্য ক্ষেত্ৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.