ETV Bharat / state

ৰঙাপৰাত চৰকাৰী নিৰ্দেশনা উলংঘনৰ অভিযোগ ব্যৱসায়ীৰ বিৰুদ্ধে

author img

By

Published : Jun 22, 2020, 1:28 PM IST

চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘন কৰি কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষিত ৰঙাপৰাৰ নামনিগাঁৱত এগৰাকী ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ পৰা অহা গাড়ীৰ লগতে 7 গৰাকীকৈ শ্ৰমিকক প্ৰৱেশ কৰিবলৈ দিয়া ঘটনাক লৈ, সম্প্ৰতি এক উত্তপ্ত পিস্থিতিৰ সৃষ্টি হৈছে স্থনীয় লোকৰ মাজত ৷

govt. rules violated by a businessman in rangapara

ৰঙাপৰা, 22 জুনঃ শেহতীয়াকৈ শোণিতপুৰৰ ৰঙাপৰাত 4 গৰাকীকৈ লোকৰ দেহত COVID-19ৰ অৱস্থিতি ধৰাৰ পিচতে চৰকাৰী নিৰ্দেশনা অনুসৰি ছীল দিয়া হৈছে সেই অঞ্চলসমূহ ৷ ৰঙাপৰাৰ কণ্টেইনমেন্ট জ'নৰ ভিতৰত অন্যতম হৈছে নামনিগাঁও ৷ কিন্তু কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাৰ পিচতো একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছে সেই নিয়ম ভংগৰ অভিযোগ ৷

ৰঙাপৰাত চৰকাৰী নিৰ্দেশনা উলংঘনৰ অভিযোগ ব্যৱসায়ীৰ বিৰুদ্ধে

সোমবাৰে পুৱাৰ ভাগত সঞ্জিৎ সাহা ওৰফে চুনু নামৰ ব্যৱসায়ী গৰাকীয়ে চৰকাৰী নীতি-নিৰ্দেশনাক উলংঘন কৰি কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষিত অঞ্চলটোত এখন বহিঃৰাজ্যৰ পৰা অহা এখন ট্ৰাক সোমোৱাই দিয়ে ৷ পথত বান্ধি থোৱা বাঁহবোৰ খুলি বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকখনৰ সৈতে ৭ জনকৈ শ্ৰমিক প্ৰৱেশ কৰাৰ পিচতেই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বহিঃৰাজ্যৰ গাড়ীখনত অহা লোক কেইজনক সেই এলেকাত দেখাৰ পিচতে স্থানীয় ৰাইজ আতংকিত হৈ পৰে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি সেই অঞ্চলত আছে, ব্যৱসায়ী তথা ৩ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্য সঞ্জিৎ সাহাৰ এটা মুড়ি ফেক্টৰী ৷ আনহাতে কণ্টেইনমেন্ট জ'নটোত ৰঙাপৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুধিন পেগুৰ অনুমতি লৈহে ব্যৱসায়ী গৰাকীয়ে তাত প্ৰৱেশ কৰা বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ ধুবুৰীত কোৱাৰেণ্টাইন কেন্দ্ৰত আত্মহত্যা এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.