তেজপুৰ, ২৮ জুন : তেজপুৰত সুৰক্ষা বাহিনীৰ লগত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । ভাৰতীয় সেনা আৰু বিভিন্ন সুৰক্ষা বাহিনীৰ বিষয়াৰ লগতে অসম আৰক্ষীৰ শোণিতপুৰ আৰু বিশ্বনাথৰ আৰক্ষী অধীক্ষকসকলে এই বৈঠকত অংশগ্ৰহণ কৰে ।
![সুৰক্ষা বাহিনীৰ লগত ৰাজ্যপালৰ ৰুদ্ধদ্বাৰ বৈঠক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2023/as-tezpur-03-28june-pix-securitymeet-pranabkumardas-7203907_28062023173012_2806f_1687953612_51.jpg)
উত্তৰ অসমৰ সুৰক্ষা বাহিনীৰ ঘাটি হিচাবে বিবেচিত তেজপুৰৰ বিভিন্ন সুৰক্ষা বাহিনীৰ ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছ, বায়ুসেনা বাহিনী, অসম ৰাইফলছ, এছ এছ বি, আই টি বি পি , চি আৰ পি এফ , ইন্টেলিজেন্স ব্যুৰ’, সেনাৰ ইন্টেলিজেন্স আৰু ৰিচাৰ্ছ এণ্ড এনালাইটিকেল বিভাগৰ লগত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৰাজ্যপালগৰাকী । এই বৈঠকত ৰাজ্যপাল কাটাৰিয়াই উত্তৰ অসম সংমণ্ডলৰ আৰক্ষী উপ-মহা পৰিদৰ্শক, বিশ্বনাথৰ অতিৰিক্ত আয়ুক্ত আৰু শোণিতপুৰৰ আয়ুক্তৰ উপস্থিতিত অসম অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ বিষয়ে বুজে লয় । শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনা আৰু আইন শৃংখলা পৰিস্থিতিৰ বিষয়ে বৈঠকত বিশদভাৱে আলোচনা কৰা হয় ।
![Governor Security meet in Tezpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2023/as-tezpur-03-28june-pix-securitymeet-pranabkumardas-7203907_28062023173012_2806f_1687953612_593.jpg)
উল্লেখনীয় যে তেজপুৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে ভাৰতীয় সেনাৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি ভাৰতীয় সেনাৰ জোৱানক চীনা ভাষাৰ পাঠ্যক্ৰম আগবঢ়াই আছে ।
লগতে পঢ়ক: MoU signed in Tezpur university: তেজপুৰ বিশ্ববিদ্যালয়ত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ নামত এখন আসন সংৰক্ষণ