ETV Bharat / state

তেজপুৰত দুদিনীয়া গোৰ্খা সাংস্কৃতিক কাৰ্যসূচীৰ সামৰণি

author img

By

Published : Jun 17, 2019, 8:04 AM IST

গনেশ কছাৰীলৈ গোৰ্খা হিতৈষী বঁটা ৷ তেজপুৰত দুদিনীয়াকৈ আয়োজন কৰা হৈছিল গোৰ্খা সাংস্কৃতিক কাৰ্যসূচী ৷ দেওবাৰে অন্ত পৰে এই কাৰ্যসূচীৰ ৷

http://10.10.50.80:6060//finalout3/assam-nle/thumbnail/17-June-2019/3578818_987_3578818_1560723623299.png

তেজপুৰ ১৬ জুন : তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় গোৰ্খা সাংস্কৃতিক কাৰ্যসূচী ৷ গোৰ্খা উন্নয়ন পৰিষদে অনুষ্ঠিত কৰা এই সাংস্কৃতিক কাৰ্যসূচীৰ জনগোষ্ঠীয় লোকনৃত্য আৰু লোকগীত প্ৰতিযোগিতাৰ অন্ত পৰে দেওবাৰে ৷

তেজপুৰত দুদিনীয়া গোৰ্খা সাংস্কৃতিক কাৰ্যসূচীৰ সামৰণি

শ্ৰীমন্ত শংকৰদেব মহাপুৰুষ জনাই গোৰ্খা সকলক বৈষ্ণৱ সংস্কৃতিৰ লগত একাকাৰ কৰি গৈছিল । তাৰ আগত প্ৰাগ ঐতিহাসিক যুগত গোৰ্খাসকল মহাজাতি আছিল, আৰু থাকিব । চন্দ্ৰ সূৰ্য্য থকালৈকে এই জাতি থাকিব । অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হিচাপে থাকিব গোৰ্খা সকল । গোৰ্খা সকলক বাদ দি বৃহৎ অসমীয়া জাতি নহয় । এই মন্তব্য বিশিষ্ট নাট্যকাৰ বিনোদ খ্যান্যালৰ ।

এই সামৰণি অনুষ্ঠানত সম্বৰ্ধীত বিশিষ্ট নাট্যকাৰ গৰাকীৰ লগতে পৰিষদৰ অধ্যক্ষ লোকনাথ উপাধ্যায়ে গোৰ্খা উন্নয়ণ পৰিষদে বিগত সময়চোৱাত চৰকাৰী সাহাৰ্য্য পুঁজিৰে জনহিতকৰ বিৱৰণ দাঙি ধৰে । তেঁও লগতে কয় যে, গোৰ্খা জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকগীতৰ ৩৫ টাকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে । এনে কৰ্মশালাত জনগোষ্ঠীটোৰ সংগিনী, মাৰুণী, কৌড়া, সমলা, দেুচী-ভৈলী, তামাং চেলো, বেঠী, সাকেলা চিলি, ধান নাচ, লোপনমুখ, খুকুৰীনিচিনা লোকনৃত্য আৰু লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, গোলাঘাট আদি বিভিন্ন অঞ্চলৰ প্ৰতিযোগী তথা সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ এই বৰ্ণিল কাৰ্যসূচীত গোৰ্খা উন্নয়ন পৰিষদ অসমে বিটিএডিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীক গোৰ্খা হিতৈষী উপাধি প্ৰদান কৰা হয় । গোৰ্খা সকলৰ ক্ৰমশ: লুপ্ত হ’ব ধৰা লোক বাদ্য নৌমতীবাজাৰ ব্যৱহাৰ আৰু পৰম্পৰা উদ্ধাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বিটিএডিৰ কাৰ্য্যবাহী সদস্য কছাৰীক গোৰ্খা হিতৈষী উপাধি প্ৰদান কৰি স্মাৰক, খাদা, ঢাকা, ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু নগদ বিশ হাজাৰে টকা প্ৰদান কৰে অসম নেপালী সাহিত্য সভাৰ সভাপতি দূৰ্গা ক্ষতিৱৰা আৰু গোৰ্খা সন্মিলনীৰ অধ্যক্ষ লোকনাথ উপাধ্যায়ে।

উল্লেখ্য যে, গোৰ্খা হিতৈষী কছাৰীয়ে গোৰ্খা জনগোষ্ঠীটোৰ পৰম্পৰাগত বাদ্য আৰু লোকগীত নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে সুদুৰ নেপালৰ পৰা নৌমতি বাদ্যযন্ত্ৰ বিধ ক্ৰয় কৰি আনিছিল । গোৰ্খা সন্মিলনৰ সভাপতি উপাধ্যায়ে ঘোষণা কৰা অনুসৰি জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তি সকলক পৰৱৰ্তী সময়তো এনেদৰে সন্মানিত কৰা হ’ব । এই অনুষ্ঠানতে পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়কো বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে এই অনুষ্ঠানতে পৰিষদে তেজপুৰৰ সাংবাদিক সঞ্জীৱ হাজৰিকা, মনোজ কুমাৰ শইকীয়া, হিমাংশু শইকীয়া, পুলক কুমাৰ ডেকা, হেমন্ত কুমাৰ নাথ, অৰূপ কলিতা, জয়ন্ত পোখ্ৰেল, পৰশ পল বৰুৱা, অমিতাভ শইকীয়া আৰু গৌতম বৰাকো সম্বৰ্ধনা জনোৱা হয় ৷

Intro:গনেশ কছাৰীলৈ গোৰ্খা হিতৈষী বটাঁ প্ৰদান :তেজপুৰত দুদিনীয়াকৈ গোৰ্খা সাংস্কৃতিক কাৰ্যসূচী সামৰণি
তেজপুৰ ১৬ জুন : শ্ৰী মন্ত শংকৰদেব মহাপুৰুষ জনাই গোৰ্খা সকলক বৈষ্ণৱ সংস্কৃতিৰ লগত একাকাৰ কৰি গৈছিল। তাৰ আগত প্ৰাগঐতিহাসিক যুগত গোৰ্খাসকল মহাজাতি আছিল, আৰু থাকিব। চন্দ্ৰ সূৰ্য্য থকালৈকে এই জাতি থাকিব। অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হিছাপে থাকিব গোৰ্খা সকল। গোৰ্খা সকলক বাদ দি বৃহৎ অসমীয়া জাতি নহয়। এই মন্তব্য বিশিষ্ট নাট্যকাৰ বিনোদ খ্যান্যালৰ। তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গোৰ্খা উন্নয়ন পৰিষদে অনুষ্ঠিত কৰা জনগোষ্ঠীটোৰ লোক নৃত্য আৰু লোকগীত প্ৰতিযোগিতাৰ আজিৰ সামৰণি অনুষ্ঠানত সম্বৰ্ধীত বিশিষ্ট নাট্যকাৰ গৰাকীৰ লগতে পৰিষদৰ অধ্যক্ষ লোকনাথ উপাধ্যায়ে গোৰ্খা উন্নয়ন পৰিষদে বিগত সময়চোৱাত চৰকাৰী সাহাৰ্য্য পুজিৰে জনহিতকৰ বিবৰণ দাঙি ধৰে। তেওঁ লগতে কয় যে গোৰ্খা জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকগীতৰ ৩৫ টাকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এনে কৰ্শালাত জনগোষ্ঠীটোৰ সংগিনী, মাৰুণী, কৌড়া, সমলা, দেুচী-ভৈলী, তামাং চেলো, বেঠী, সাকেলা চিলি, ধান নাচ, লোপনমুখ, খুকুৰীনিচিনা লোকনৃত্য আৰু লোকগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, গোলাঘাট আদি বিভিন্ন অঞ্চলৰ প্ৰতিযোগী তথা সাংস্কৃতিক কৰ্মীয়ে অংশ লোৱা বিশিষ্ট ব্যক্তি আদিয়ে অংশগ্ৰহন কৰা অধ্যাপক অমল শ্বেৰাই আতঁ এই বৰ্ণিল কাৰ্যসূচীত গোৰ্খা উন্নয়ন পৰিষদ অসমে বিটিএডিৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীক গোৰ্খা হিতৈষী উপাধী প্ৰদান কৰে। গোৰ্খা সকলৰক্ৰমশ:লুপ্ত হব ধৰা লোকবাদ্য নৌমতীবাজা ৰ ব্যৱহাৰ আৰু পৰম্পৰা উদ্ধাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বিটিএডিৰ কাৰ্য্যবাহী সদস্য কছাৰীক গোৰ্খা হিতৈষী উপাধী প্ৰদান কৰি স্মাৰক, খাদা, ঢাকা, ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু নগদ বিশ হেজাৰে টকা প্ৰদান কৰে অসম নেপালী সাহিত্য সভাৰ সভাপতি দূৰ্গা ক্ষতিৱৰা আৰু গোৰ্খা সন্মিলনীৰ অধ্যক্ষ লোকনাথ উপাধ্যায়ে। Body:উল্লেখ্য গোৰ্খা হিতৈষী কছাৰীয়ে গোৰ্খা জনগোষ্ঠীটোৰ পৰম্পৰাগত বাদ্য আৰু লোকগীত নৃত্যৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ লগতে সুদুৰ নেপালৰ পৰা নৌমতি বাদ্য যন্ত্ৰ বিধ ক্ৰয় কৰি আনিছিল। গোৰ্খা সন্মিলনৰ সভাপতি উপাধ্যায়ে ঘোষনা কৰা অনুসৰি জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত অবদান আগবঢ়োৱা ব্যক্তি সকলক পৰৱৰ্ত্তী সময়তো এনেদৰে সন্মানিত কৰা হব।আজিৰ অনুষ্ঠানতে পৰিহবন নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়কো বিশেষ ভাবে সম্বৰ্ধনা জনোৱাৰ লগতে এই অনুষ্ঠানতে পৰিষদে তেজপুৰৰ সাংবাদিক সঞ্জীৱ হাজৰিকা, মনোজ কুমাৰ শইকীয়া, হিমাংশু শইকীয়া, পুলক কুমাৰ ডেকা, হেমন্ত কুমাৰ নাথ, অৰূপ কলিতা, জয়ন্ত পোখ্ৰেল, পৰশ পল বৰুৱা, অমিতাভ শইকীয়া আৰু গৌতম বৰাকো সম্বৰ্ধনা জনায়।Conclusion:Pranab kumar Das
Tezpur
16/6/19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.