ETV Bharat / state

উখল-মাখল দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ

author img

By

Published : May 11, 2019, 4:57 PM IST

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ ৷ পতাকা উত্তোলন, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ অনুষ্ঠানৰ ৷

উখল-মাখল দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগন

শোণিতপুৰ, 11 মে' : শোণিতপুৰ জিলাৰ বৃহত্তৰ ইটাখোলা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৰকিলে 50টা বৰ্ষ ৷ বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হয় সোণালী জয়ন্তী বৰ্ষ ৷ পুৱা পতাকা উত্তোলন পাচতেই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই শুভাৰম্ভ কৰা হয় অনুষ্ঠানৰ ৷ সোণালী জয়ন্তী বৰ্ষৰ এই বিশাল আয়োজনক লৈ বিদ্যালয়খনত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ ৷

Intro:তিনদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত শোণিতপুৰ জিলাৰ বৃহত্তৰ ইটাখোলা অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান দিকৰাই উচ্চতৰ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহভাগ শুক্ৰবাৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে শুভাৰম্ভ হয়৷Body:বিভিন্ন জাতি জনগোষ্ঠীৰ বসতিস্থল ইটাখোলাৰ ভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত ভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাগত লোকসংস্কৃতি প্ৰদৰ্শন কৰি ৰাইজৰ ভূয়সী প্ৰশংসা বুটলিবলৈও সক্ষম হয়৷এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ সমন্বয়ৰ প্ৰতিচ্ছবিখনো বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ফুটাই তুলিবলৈ সক্ষম হয়৷৫০ বছৰ গৰকা বিদ্যালয়খনত প্ৰতিকুল বতৰকো নেঁওচি স্থানীয় ৰাইজ,ছাত্ৰ ছাত্ৰী,অভিভাৱক তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এই সমাৰোহভাগত অংশগ্ৰহণে এক নষ্টালজিক পৰিবেশে বিৰাজ কৰাও পৰিলক্ষিত হয়৷
Conclusion: সমাৰোহভাগৰ প্ৰতিটো দিনতেই সমুহ কাৰ্য্যসুচীত সকলো ৰাইজৰ সহায় সহযোগীতা বিদ্যালয় কৰ্তৃপক্ষই কামনা কৰাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও বিদ্যালয়খনত অধ্যয়ন কৰা সময়ৰ স্মৃতি ৰোমন্থন কৰি আপোন পাহৰা হৈ পৰে৷ আজি অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনত প্ৰায় পাচঁ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷
Byte:1:অধ্যক্ষ৷
Byte:2:প্ৰাক্তন ছাত্ৰ৷

Pransankar Bhuyan
ETv bharat Assam

11.05.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.