চতিয়া, ২৪ জুলাই : দেওবাৰে জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাংগণত বিনামূলীয়া এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় (Free Eye Check Up Camp held at Jamugurihat ) । জামুগুৰি পৌৰসভাৰ উদ্যোগত আৰু তেজপুৰস্থিত চকু চিকিৎসালয় ই আৰ চি সহযোগত অনুষ্ঠিত এই চকু চিকিৎসা শিবিৰৰ শুভাৰম্ভ কৰে জামুগুৰি পৌৰসভাৰ উপ পৌৰপতি অঞ্জন কলিতাই ৷
এই চকু চিকিৎসা শিবিৰত জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক পুৰুষ-মহিলাই বিনামূলীয়া চকু চিকিৎসা পৰীক্ষা কৰে ৷ এই বিনামূলীয়া শিবিৰটোৰ জৰিয়তে অত্যাধিক অসুবিধা থকা ৰোগী সকলক অস্ত্ৰোপ্ৰচাৰৰ সুবিধা কৰাৰ লগতে কম পৰিমাণৰ অসুবিধা থকা ব্যক্তিসকলক বিনামূলীয়া ঔষধ, চশমা ইত্যাদি প্ৰদান কৰা হয় ৷
লগতে তেজপুৰস্থিত ই আৰ চি হাস্পতালৰ চকু চিকিৎসকে এই চকু চিকিৎসা শিবিৰত ৰোগীসকলৰ চকু চিকিৎসা প্ৰদান কৰাৰ লগতে চকু ভাল কৰি কেনেকৈ ৰাখিব পাৰি সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় ৷
এই শিবিৰত বিশিষ্ট অতিথি হিচাপে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika at Jamugurihat), জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লবিতা মহন্ত, প্ৰত্যেকটা ৱাৰ্ডৰ সদস্যসকলৰ লগতে বিজিপিৰ দলীয় কৰ্মীসকল উপস্থিত থাকে ৷
লগতে পঢ়ক: Cross voting in president election: কংগ্ৰেছৰ বিধায়কসকলে লাই ডিটেক্টৰৰ সন্মুখীন হ’ব: দেবব্ৰত শইকীয়া