ETV Bharat / state

অৰুণাচলত শিলে চূৰ্ণ-বিচূৰ্ণ কৰিলে গাড়ী, থিতাতে নিহত অসমৰ চাৰিগৰাকী - অৰুণাচল শিল বাগৰি মৃত্যু

অৰুণাচল প্ৰদেশত সংঘটিত শোকাৱহ দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিগৰাকী লোকৰ । পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিল গাড়ীৰ ওপৰত পৰাৰ ফলত থিতাতে মৃত্যু হয় লোক চাৰিগৰাকীৰ । ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত দুৰ্ঘটনা ।

assamese dead in arunachal
অৰুণাচলত শিলে চূৰ্ণ-বিচূৰ্ণ কৰিলে গাড়ী
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 5:53 PM IST

Updated : Nov 18, 2023, 7:43 PM IST

তেজপুৰ, 18 নৱেম্বৰ : অৰুণাচল প্ৰদেশত সংঘটিত শোকাবহ দুৰ্ঘটনাত নিহত হ’ল অসমৰ চাৰিগৰাকী লোক ৷ অৰুণাচল প্ৰদেশৰ ট্ৰেন্স হাইৱেৰ কাষৰ এটা পাহাৰৰ টিলাৰ পৰা শিল বাগৰি আহি বাহনৰ ওপৰত পৰাৰ ফলতে লোক চাৰিগৰাকী মৃত্যুমুখত পৰে ৷ পাহাৰীয়া ৰাজ্যখনৰ মুৰি মুগলী আৰু গেমিৰ মাজৰ ডাম্পোৰিজোত দুৰ্ঘটনাটো সংঘটিত হয় ৷

নিহত লোকসকল কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ বাসিন্দা ৷ নিহত দুজন হব্ৰাবিল নেপালপাৰাৰ নিৰ্মল হেমৰাম, শ্ৰীৰামপুৰৰ ৰেভাৰেণ্ড ক্ৰিষ্টোফাৰ হেমব্ৰম আৰু শ্ৰীৰামপুৰৰ অভিজিৎ হেমৰাম । চতুৰ্থগৰাকী ব্যক্তি এতিয়াও চিনাক্তকৰণ হোৱা নাই ৷ উল্লেখ্য যে যোৱা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অৰুণাচল প্ৰদেশৰ উজনি শোৱনশিৰি জিলাৰ ডাম্পোৰিজোত তিনিদিনীয়াকৈ অনুষ্ঠিত হিলিং ফেষ্টিভেলত ৰেভাৰেণ্ড ক্ৰিষ্টোফাৰ হেমব্ৰমে মুখ্য বক্তা হিচাবে উপস্থিত আছিল ৷

শনিবাৰে দুৰ্ঘটনাটোৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় ধৰ্মীয় সমাজখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখা যায় ৷ কিয়নো ৰেভাৰেণ্ড হেমব্ৰম কেৱল এজন আধ্যাত্মিক নেতাই নাছিল, জনজাতীয় সম্প্ৰদায়ৰ কল্যাণমূলক কামকাজৰ সৈতেও তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল ৷

উল্লেখ্য যে, শান্তিৰ প্ৰচাৰক আৰু পৰিৱৰ্তনশীল যাত্ৰাৰ ক্ষেত্ৰত হেমব্ৰমৰ উল্লেখযোগ্য বৰঙণি আছিল । আনহাতে ঘটনাস্থলীত আৰক্ষী আৰু শুভাকাংক্ষীসকল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জাপৰিগোগলৈ প্ৰেৰণ কৰা হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷

মন কৰিবলগীয়া যে উক্ত ঘটনাত মৃত্যুত সাৱটি লোৱা ৰেভাৰেণ্ড হেমব্ৰমে অজস্ৰজনৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ যাৰ বাবে তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে শ্ৰীৰামপুৰত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : স্থানীয় লোকক উগ্ৰপন্থী সজাই গুলীচালনা কৰাৰ অভিযোগত উত্তাল অৰুণাচল

Last Updated : Nov 18, 2023, 7:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.