ETV Bharat / state

Tezpur AASU : তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ চাৰি সদস্যক বহিষ্কাৰ - ছাত্ৰ সন্থাৰ নিয়ম উলংঘা

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কৃত কৰা হ’ল চাৰি সদস্যক (Four members of AASU expelled from Sonitpur) ৷ অসাংবিধানিক কাৰ্য আৰু ছাত্ৰ সন্থাৰ নিয়ম উলংঘা কৰাৰ অভিযোগতে সন্থাৰ পৰা বহিষ্কৃত কৰা হয় প্ৰজ্ঞানদীপ বৰা, কৃষ্টি বৰা, নয়নদীপ দাস আৰু কুনাল গগৈক ৷

Tezpur AASU expelled Four members of Darrang College
তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ চাৰি সদস্যক বহিষ্কাৰ
author img

By

Published : Nov 12, 2022, 10:49 PM IST

তেজপুৰ, ১২ নৱেম্বৰ : শনিবাৰে তেজপুৰ হেম বৰুৱা স্মৃতি ভৱনত আয়োজন কৰা হয় বিজেপি যুৱ মৰ্চাৰ এক যোগদান কাৰ্যসূচী (BJP Yuva Morcha joning programe at Tezpur) ৷ এই কাৰ্যসূচীতেই সাংসদ পল্লৱ লোচন দাসৰ উপস্থিতিত বিজেপি যুৱ মৰ্চাত যোগদান কৰে দৰং মহাবিদ্যালয়ৰ চাৰি ছাত্ৰ প্ৰজ্ঞানদীপ বৰা, কৃষ্টি বৰা, নয়নদীপ দাস আৰু কুনাল গগৈয়ে ৷

জানিব পৰা মতে, প্ৰজ্ঞানদীপ বৰা, কৃষ্টি বৰা, নয়নদীপ দাস আৰু কুনাল গগৈ হৈছে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য ৷ সন্থাৰ পৰা অব্যাহতি নোলোৱাকৈয়ে চাৰি ছাত্ৰই বিজেপি যুৱ মৰ্চাত যোগদান কৰে ৷ যাৰ বাবে তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাই চাৰি ছাত্ৰক সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কৃত কৰে (Four members of AASU expelled from Sonitpur) ।

কেৱল এয়াই নহয় দৰং মহাবিদ্যালয়ৰ নিৰ্বাচনৰ সময়তো বহু অসাংবিধানিক কাৰ্যকলাপ কৰাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখিত চাৰি ছাত্ৰৰ বিৰুদ্ধে ৷ আনকি সদৌ অসম ছাত্ৰ সন্থাৰ নিয়মাৱলী অনুসৰি, সন্থাৰ পৰা অব্যাহতি লোৱাৰ 6 মাহৰ পাচতে কোনো দল বা সংগঠনত যোগদান কৰিব পাৰে ৷

Tezpur AASU expelled Four members of Darrang College
তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ চাৰি সদস্যক বহিষ্কাৰ

এই নিয়ম উলংঘা কৰিছে প্ৰজ্ঞানদীপ বৰা, কৃষ্টি বৰা, নয়নদীপ দাস আৰু কুনাল গগৈয়ে ৷ সেয়ে ছাত্ৰ সন্থাৰ সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হয় চাৰি ছাত্ৰক ।

শনিবাৰে বিয়লি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰূপ তালুকদাৰ সম্পাদক দেৱাঞ্জন বিকাশ পাঠক আৰু দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ সভাপতি জোনাক ফুকন আৰু সম্পাদক হিমন্ত বিশ্ব শৰ্মাই যুটীয়াভাৱে স্বাক্ষৰিত এক বিবৃত্তিত উল্লেখ কৰে এই কথা ৷ এই বিবৃতিৰ পাচতে এতিয়া সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

উল্লেখ্য যে, শনিবাৰে আয়োজিত বিজেপি যুৱ মৰ্চাৰ এক যোগদান কাৰ্যসূচীত তেজপুৰৰ দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে ।

লগতে পঢ়ক : Darrang College : মহানায়কৰ স্মৃতিত উদ্দাম নৃত্য কৰি শাস্তিৰ সন্মুখীন দৰং মহাবিদ্যালয়ৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.