তেজপুৰ, 30 জুলাই : আই টি বি পিৰ ছেক্টৰ মুখ্য কাৰ্যালয় (তেজপুৰ) বাহিনীয়ে শনিবাৰে ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ৷ ইণ্ডো তিব্বেতান আৰক্ষী বাহিনীৰ খণ্ড মুখ্য কাৰ্যালয়ৰ তেজপুৰ ৰঙামাটিস্থিত আইটিবিপি শিবিৰত শনিবাৰে ষোড়শতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ তেজপুৰৰ এই খণ্ডৰ মুখ্য কাৰ্যালয় ২০০৭ চনৰ ২৯ জুলাইত স্থাপন কৰা হৈছিল ৷ এই উপলক্ষে ছেক্টৰ মুখ্য কাৰ্যালয় (তেজপুৰ)ত পেৰেডৰ আয়োজন কৰা হয় ৷ য’ত অভিবাদন গ্ৰহণ কৰে মুখ্য অতিথি ড° দীপক কুমাৰ পাণ্ডেয়ে ৷
কে.এন. পণ্ট ফাইটাৰ ৱাটাৰ উইং কমাণ্ডাৰ সঞ্জয় কুমাৰ, ৫৫ নং কৰ্পছৰ লগতে অন্যান্য বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে হিমবীৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰা হয় ৷ কমাণ্ডাৰ সঞ্জয় কুমাৰে কয় যে, দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এই খণ্ড মুখ্য কাৰ্যালয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে ৷
তেওঁ লগতে কয় কয় যে, প্ৰতিষ্ঠা দিৱসটো এক প্ৰকাৰে আমাৰ বাবে বসন্ত হিচাপে গণ্য কৰা হয় ৷ এই প্ৰতিষ্ঠা দিৱস আজি ১৬ টা বসন্ত হ’ল ৷ বাহিনীটোৰ প্ৰতিজন কৰ্মচাৰী দেশৰ প্ৰতি উৎসৰ্গিত ৷ দেশ সেৱাৰ বাবে এই বাহিনীৰ হৈ সৰ্বাধিক কাম কৰিবলৈ মোৰ সাধ্য অনুসৰি চেষ্টা কৰিম । ইয়াৰ উপৰিও আমি প্ৰত্যাহ্বান জনাইছো শত্ৰুৰ লগত মুখামুখি হৈ যুজঁ দিয়াৰ বাবে বুলি কয় তেওঁ ৷
প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত বাহিনীৰ উন্নত প্ৰযুক্তিৰ অধীনত আত্মৰক্ষাৰ কৌশল সমূহ প্ৰদৰ্শন কৰে মহিলা আৰু পুৰুষ কৰ্মচাৰীসকলে ৷ তাৰোপৰি এই প্ৰতিষ্ঠা দিৱস উপলক্ষে জোৱানসকলে সাংস্কৃতিক অনুষ্ঠানো উপস্থাপন কৰে, য'ত অসমৰ বিহু নৃত্য আছিল আটাইতকৈ প্ৰধান ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে ছেক্টৰ মুখ্য কাৰ্যালয় (তেজপুৰ)ত বৃক্ষৰোপণ কৰা হয় আৰু বিভিন্ন শিৱিৰৰ চৌহদত আৰু শিবিৰৰ আশে-পাশে বিভিন্ন ধৰণৰ ফল-মূলৰ গছ ৰোপণ কৰা হয় ৷
ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ পৰম্পৰা অনুসৰি এক বৃহৎ নৈশ ভোজৰো আয়োজন কৰা হয় ৷ য’ত ছেক্টৰ মুখ্য কাৰ্যালয় (তেজপুৰ), ৫৫ নং কৰ্পছ, জল শাখাৰ সকলো বিষয়া-জোৱানে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : Durand Cup Football 2023:গুৱাহাটীত নেপালৰ ত্ৰিভুৱন আর্মি ফুটবল ক্লাব