তেজপুৰ, ২৫ জানুৱাৰী : তেজপুৰৰ প্ৰাক্তন সাংসদ, জনসাধাৰণৰ প্ৰকৃত নেতা, উত্তৰ অসমৰ সংবাদ মাধ্যমৰ বাটকটীয়া তথা প্ৰথমখন সংবাদ পত্ৰ "মহাজাতি" কাকতৰ সম্পাদক তথা মালিক ড° পূৰ্ণ নাৰায়ণ সিংহৰ বুধবাৰে ২৩ তম মৃত্যু তিথি পালন কৰা হয়(Purna Narayan Singh s death anniversary celebrated)। মৃত্যু তিথিৰ লগত সংগতি ৰাখি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে আজি তেজপুৰ লাচিত চকত ড° সিংহৰ অৱক্ষ মূৰ্তিত পুষ্পমাল্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেজপুৰ পৌৰ সভাৰ পৌৰপতি প্ৰজ্ঞানো ভট্টাচাৰ্য্যই প্ৰয়াত সিংহৰ মূৰ্তিত মাল্যাৰ্পণৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে (23rd death anniversary of Purna Narayan Singh) ।
শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ হাজৰিকাই বন্তি প্ৰজ্বলন কৰে ৷ জ্যেষ্ঠ সাংবাদিক হিমাংশু শইকীয়া আৰু পুলক ডেকাৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা কুলেন ভৰালীয়ে প্ৰয়াত প্ৰাক্তন সাংসদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৌৰপতি প্ৰজ্ঞানো ভট্টাচাৰ্যই প্ৰদান কৰা ভাষণত কয় যে, এজন দানবীৰ তথা প্ৰাক্তন সাংসদ হিচাপে ড° পূৰ্ণ নাৰায়ণ সিংহই জাতি আৰু জনসাধাৰণৰ বাবে সকলো ত্যাগ কৰিব পৰা ব্যক্তিত্বৰ অধিকাৰী আছিল ।
ড° পূৰ্ণ নাৰায়ণ সিংহই ১৯৭৭ চনত তেতিয়াৰ জনতা দলৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল (Janta Dal) আৰু তেজপুৰত সিংহই বিভিন্ন উন্নয়নমূলক কামৰ বাবে আৰু সমাজৰ সমগ্ৰ শ্ৰেণীক সহায় কৰাৰ বাবে ত্যাগ কৰিবলৈ সদায় সাজু আছিল বুলি বক্তব্যত প্ৰকাশ কৰে প্ৰজ্ঞানো ভট্টাচাৰ্যই । প্ৰজ্ঞানো ভট্টাচাৰ্যই ড০ পূৰ্ণ নাৰায়ণ সিংহই মাটিৰ বাবে আন্দোলন কৰি সাতখন ভূমিহীন খেতিয়কৰ গাঁও স্থাপন কৰিছিল আৰু হৰিজন আৰু জনজাতীয় কল্যাণৰ উত্থানৰ বাবে যথেষ্ঠ কাম কৰিছিল বাবে সিংহৰ জনপ্ৰিয়তা আজিও বিদ্যমান বুলি উল্লেখ কৰে ।
লগতে ভট্টাচাৰ্যই অসম আৰু পূৱৰ অন্যান্য ৰাজ্যত বসবাস কৰা লোকসকলৰ জাতীয় সংহতিৰ হকে প্ৰচাৰ তথা অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল বুলি বক্তব্যত উল্লেখ কৰে । বৰ্তমানৰ ভোমোৰাগুৰি দলং আৰু জীয়া ভৰলী নদীৰ ওপৰত স্থাপন কৰা তেজপুৰ আৰু জামুগুৰিহাট সংযোগী চকীঘাট দলঙৰ বাবে সংসদৰ মজিয়াত প্ৰস্তাৱ উত্থাপন কৰা তেওঁৱেই একমাত্ৰ সাংসদ বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান এই চকীঘাট দলংখন নিৰ্মীয়মাণ অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ।