ETV Bharat / state

প্ৰসংগ ডেনিয়েল হত্যাকাণ্ডঃ পূৰ্বৰ অভিযুক্ত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 5, 2020, 6:08 PM IST

গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰে ৷ শুনানী গ্ৰহণ কৰাৰ পিচতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া ৷

Former accused Ripun Bora Reaction On Daniel Murder
প্ৰসংগ ডেনিয়েল হত্যাকাণ্ডঃ পূৰ্বৰ অভিযুক্ত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

তেজপুৰ, 5 অক্টোবৰ : সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ডেনিয়েল তপ্ন হত্যাকাণ্ড গোচৰৰ গুনানী গ্ৰহণ কৰাৰ পিচতে সেই সময়ত CBI ৰ অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ কয় যে, এই বিষয়ত তেওঁক CBI য়ে গ্ৰেপ্তাৰ কৰাৰ পিচত 2014 চনৰ ফেব্ৰুৱাৰী মাহত ন্যায়ালয়ে উক্ত গোচৰত তেওঁক দোষ মুক্ত কৰিছে ।

আনহাতে তেওঁ পুনৰ কয় যে, নিৰ্বাচন আহিলেই ডেনিয়েল তপ্ন হত্যাকাণ্ডৰ প্ৰসংগ উত্থাপিত হয় । লগতে, তেওঁ কয় যে বিজেপি চৰকাৰে SI কেলেংকাৰী তদন্ত তল পেলাবলৈ এনে ধৰণৰ ঘটনা সংঘটিত কৰি ৰাইজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰি আহিছে ৷

উল্লেখযোগ্য যে, চাহ জনজাতিৰ নেতা তপ্ন হত্যাকাণ্ড সংঘটিত হৈছিল 2000 চনৰ ডিচেম্বৰ মাহত আৰু ইয়াৰ পিচত 2005 চনত গোচৰটো CBI ক অৰ্পন কৰিবলৈ নিৰ্দেশ দিছিল অসম চৰকাৰে । কিন্তু CBI য়ে 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিচত উচ্চ ন্যায়ালয়ত গোচৰ চলাই যাবলৈ পুনৰ আবেদন দাখিল কৰিছিল আৰু তাৰ পিচত সোমবাৰে উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰে ।

লগতে পঢ়ক : সুদীৰ্ঘ বছৰৰ অন্তত বাহন প্ৰৱেশ কৰা এটা এলেকা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.