তেজপুৰ,২০ ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ টাৱাঙৰ লুংলা অঞ্চলত ভয়ানক বন জুইৰ ঘটনা সংঘটিত হৈছিল । লুংলা ৰাজহ চক্ৰৰ অধীনৰ জংঘলত ১৮ ফেব্ৰুৱাৰীৰ বিয়লি সংঘটিত এই অগ্নিকাণ্ড শুকুৰবাৰে নিৰ্বাপণ হয় । অৰুণাচল প্ৰদেশৰ দ্বিতীয় স্কাউট গাইড জোৱান আৰু চৰকাৰী বিষয়াৰ তৎপৰতাত এই জুই নিৰ্বাপণ সম্ভৱ হয় ।
লুংলা ৰাজহ চক্ৰ বিষয়া তপতেন দন্দুপ আৰু স্থানীয় লোকৰ সহযোগিতাৰ বাবে কাষৰীয়া গাঁও অঞ্চলত জুই সিঁচৰতি হোৱাৰ পৰা ৰক্ষা পৰে । উল্লেখ যে, লুংলাৰ সাজু অঞ্চলত পূৰ্বতেও এনে বন জুইৰ সূত্ৰপাত হৈছিল যদিও পৰৱৰ্তী সময়ত ইয়াক নিৰ্বাপণ কৰা হৈছিল ।
লগতে পঢ়ক:মিচিং চাং ঘৰত নৈশ যাপন গৌৰৱ গগৈৰ