ETV Bharat / state

Illegal encroachment in Kaziranga : গৰু-ম'হৰ খুঁটিসমূহ আঁতৰোৱাৰ নিৰ্দেশ বন বিভাগৰ - বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত বসতি স্থাপন

ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙাৰ বিভিন্ন স্থানত চলিছে অবৈধ বেদখল । গৰু-ম'হৰ খুঁটিবোৰ আঁতৰোৱাৰ নিৰ্দেশ দিছে বন বিভাগে (Forest department orders removal of cattle shed) । বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত থকা বিলাসী ৰিজ’ৰ্ট কৰ্তৃপক্ষৰ সৈতেও আলোচনা কৰিব বন বিভাগে ।

Illegal encroachment in Kaziranga
গৰু ম'হৰ খুঁটিসমূহ আঁতৰোৱাৰ নিৰ্দেশ বন বিভাগৰ
author img

By

Published : Jan 18, 2022, 3:36 PM IST

তেজপুৰ, ১৮ জানুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ (Sixth addition of Kaziranga National Park) অধীনত থকা গৰু আৰু ম'হৰ খুঁটিসমূহ ২১ জানুৱাৰীৰ ভিতৰত উঠাই নিয়াৰ নিৰ্দেশ জাৰি কৰিছে বন বিভাগে ।

লগতে ষষ্ঠ সংযোজনৰ অধীনত থকা বিভিন্ন স্থানসমূহো শীঘ্ৰে খালী কৰাৰ আহ্বান জনাইছে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে । বিগত কেইবাদিনো ধৰি উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ বিহালী, গমিৰি, বটিয়ামাৰী, ৰাংছালী দলনী, বিশ্বনাথকে ধৰি ব্ৰহ্মপুত্ৰৰ নদীৰ দাঁতিকাষৰীয়া অঞ্চলত বন্যপ্ৰাণীয়ে টোপনি কাঢ়িছে জনসাধাৰণৰ ।

Illegal encroachment in Kaziranga
গৰু ম'হৰ খুঁটিসমূহ আঁতৰোৱাৰ নিৰ্দেশ বন বিভাগৰ

খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন গাহৰি, বনৰীয়া ম'হ, গঁড়, হৰিণ, হাতীয়ে উপদ্ৰৱ চলোৱাৰ লগতে শেহতীয়াকৈ বাঘে প্ৰৱেশ কৰি গোহালিৰ গৰু ভক্ষণ কৰিছে । ইফালে যোৱা বছৰ বনৰীয়া ম'হৰ আক্ৰমণত বিশ্বনাথ ঘাটৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল ।

জানিব পৰা মতে, কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বাঘে বিশ্বনাথৰ উত্তৰ পাৰৰ বিহালী সমষ্টিৰ ৰাংছালী দলনী, বটিয়ামাৰী, ৰৌমাৰী, গমিৰি আদি অঞ্চলত প্ৰৱেশ কৰি ১০ টাৰো অধিক গৰু ভক্ষণ কৰাৰ লগতে বহুকেইটা পোহনীয়া ছাগলীক আক্ৰমণ কৰিছে ।

যাৰ ফলত এতিয়া ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ উত্তজেনাই বিৰাজ কৰিছে । দিনে নিশাই বিশ্বনাথৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত আৰক্ষী, বনকৰ্মীয়ে পহৰা দিয়াৰ লগতে সজাগতা সৃষ্টিৰ বাবে বনবিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, বিশ্বনাথবাসীয়ে বনৰীয়া গাহৰি, গঁড়, হাতীৰ উপদ্ৰৱ দীৰ্ঘদিন ধৰি ভূগি আহিছিল যদিও কোনো দিন বাঘৰ আতংক সৃষ্টি হ'ব বুলি কল্পনা কৰা নাছিল । ইফালে হঠাৎ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলত এইদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘসমূহ উত্তৰপাৰে থকা গাঁৱসমূহত প্ৰৱেশ কৰাৰ কাৰণ বিচাৰি বন বিভাগক প্ৰশ্ন কৰে ৷

বিভাগে একাংশ লোকে পৰ্যটকক আকৰ্ষণ কৰা আৰু ব্যক্তিগত ব্যৱসায়ৰ বাবে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া ভূমি আৰু নদীৰ সৰু সৰু দ্বীপসমূহ ব্যৱহাৰ কৰাৰ ফলত নিশা বনৰীয়া জীৱ-জন্তুসমূহে খাদ্যৰ সন্ধানত ঠিকনা হেৰুৱাই উত্তৰ অঞ্চলৰ বিভিন্ন স্থানলৈ গতি কৰিছে বুলি সদৰী কৰে ।

বন বিভাগৰ সূত্ৰ অনুসৰি, যোৱা ৩-৪ বছৰ ধৰি উত্তৰ অসমৰ বিশ্বনাথ জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীয়ে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ ক্ষয়-ক্ষতি কৰা অন্য এটা কাৰণ আছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপত মানুহে বসবাস কৰিবলৈ আৰম্ভ কৰাৰ লগতে প্ৰায়ে তাত নৈশ পাৰ্টী চলাৰ অভিযোগ উত্থাপিত হৈছে । ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নিশা যন্ত্ৰচালিত নাও চলাচল কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীসমূহ বিহালী বিশ্বনাথ ঘাট, মোনাবাৰী গমিৰি আদি অঞ্চললৈ ঢাপলি মেলে ৷

যদিহে এনে কাৰ্যত বাধা প্ৰদান কৰিব পৰা যায়, তেনেহ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে দ্বীপটোত জিৰণি লৈ পুনৰ উদ্যানলৈ উভতি যাব । কিন্তু দ্বীপটোত জনবসতি আৰম্ভ হোৱাৰ লগে লগে বনৰীয়া জীৱ-জন্তুবোৰে ভয়ত সেই দ্বীপ ত্যাগ কৰি জনাঞ্চললৈ যাবলৈ আৰম্ভ কৰিছে ।

ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ভিতৰত থকা একাংশ গৰু-ম'হৰ খুঁটিসমূহ আঁতৰাই নিবলৈ বন বিভাগৰ পৰা অনুৰোধ জনোৱা হৈছে (Forest department orders removal of cattle shed) ।

ইফালে বিশ্বনাথ ঘাটৰ উমাটুমণি দ্বীপটোত থকা বিলাসী হোটেলখন আঁতৰাবলৈও শীঘ্ৰে মালিকৰ সৈতে যোগাযোগ কৰিব বন বিভাগে । সঞ্চালকগৰাকীৰ মতে, সাধাৰণ লোকে যদিহে দ্বীপটোৰ পৰা আঁতৰি নাযায় তেনেহ'লে ভৱিষ্যতে উত্তৰ অসমৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ অধিক বাঘৰ আগমন ঘটিব ।

লগতে পঢ়ক : বাঘৰ বাবে অনুষ্ঠিত কৰিলে এখন সভা; ক’ত কোনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.