শোণিতপুৰ, 8 জুলাই : চত্ৰং নদীৰ ভগ্ন অংশয়েদি বৈ অহা আহাৰৰ বানে প্লাৱিত কৰিছে গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল । বানৰ পৰা ৰক্ষা পাবলৈ অঞ্চলটোত জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও আজিকোপতি নিৰ্মাণ নহ'ল মথাউৰি ৷ ফলত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ ফলত ক্ষোভিত হৈ পৰা নগৰবাসীয়ে সোমবাৰে ওলাই আহি প্ৰতিবাদমুখৰ হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।
ইপিনে বিগত কেইবাদিনো ধৰি অহা ধাৰাষাৰ বৰষুণৰ ফলত উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়িছে ফলত বিভিন্ন অঞ্চল বানে প্লাবিত কৰিছে , যদিও খৱৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি তথা প্ৰশাসনৰ । আনহাতে বানপানীৰ ফলত অঞ্চলটোত নানা ধৰণৰ ৰোগে দেখা দিছে । ফলত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷