তেজপুৰ, ২৪ মেঃ বছৰৰ প্ৰথমটো বানত বুৰিল শোণিতপুৰ জিলাৰ বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল আৰু জলমগ্ন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে শোনিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ বানে বুৰালে অঞ্চলটোৰ ক্ৰমে কমাৰীগাঁও, উদমাৰীগাঁও, বামগাঁও, দীঘলী বালিজান আদি কৰি কেইবাখনো গাঁও ।
ইপিনে বানত বুৰিল বালিপৰা-ধেমাজি সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ পাহাৰীয়া খৰ শ্ৰোতা নৈ জৰাসৰৰ বানৰ তাণ্ডৱে ইতিমধ্যে যোৱা দুটা বছৰ বালিপৰাক যথেষ্ঠ ক্ষতি সাধন কৰি আহিছে ৷
লগতে পঢ়কঃ শিলচৰ মেডিকেল কলেজৰ কোভিড-19 আক্ৰান্তৰ শেহতীয়া তথ্য