ETV Bharat / state

ঠেলামৰাত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ - শোণিতপুৰ জিলাৰ ঠেলামৰা

শোণিতপুৰ জিলাৰ ঠেলামৰাৰ চুটি পাহাৰত তৃতীয় দিনাও অব্যাহত আছে উত্তেজনা । বিগত দুদিন পূৰ্বে সংঘটিত ঢেকীয়াজুলিৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা সান্ধ্য আইন অব্যাহত থকা অঞ্চলটোত শুকুৰবাৰে ফ্লেগ মাৰ্চ কৰে অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে ৷ বৃহস্পতিবাৰে উক্ত অঞ্চলত ফ্লেগ মাৰ্চ কৰিছিল সেনাৰ এটা দলে ৷

Flag march of police and pera military force sonitpur assam etv bharat news
আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ
author img

By

Published : Aug 7, 2020, 7:29 PM IST

তেজপুৰ,৭ আগষ্ট: বিগত দুদিন পূৰ্বে শোণিতপুৰ জিলাৰ চুটি পাহাৰত দুটা পক্ষৰ মাজত হোৱা সংঘৰ্ষৰ উত্তেজনা কিছু পৰিমাণে শাম কাটিছিল যদিও বৃহস্পতিবাৰে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে দানৱ সকলক বধ কৰিবলৈ নিজৰ শক্তি সঞ্চয় কৰিব লাগিব বুলি যি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিলে তাৰপিছতে অঞ্চলটোত পুনৰ গোষ্ঠীগত সংঘৰ্ষৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ উক্ত আশংকাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পুৱাৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে অঞ্চলটোত ফ্লেগ মাৰ্চৰ ব্যৱস্থা কৰে ৷

ঠেলামৰাৰ পৰিস্থিতি পৰিদৰ্শন বিধায়ক পদ্ম হাজৰিকাৰ

শুকুৰবাৰে উক্ত ঘটনাস্থলীত উপস্থিত হয় তেজপুৰৰ সাংসদ পল্লৱলোচন দাসৰ লগতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বৰচলাৰ বিধায়ক গণেশ লিম্বুকে ধৰি শোণিতপুৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ জন প্ৰতিনিধিসকলে অঞ্চলটোৰ সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছতে অসমৰ ভূমিত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি বিধায়ক পদ্ম হাজৰিকাই আত্মৰক্ষাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ থকা বন্দুকতো লগত লৈ নানিলেও ভৱিষ্যতে ইয়াক লগতে ৰাখিব বুলি মন্তব্য় প্ৰকাশ কৰে ৷

সাংসদ পল্লৱলোচন দাসৰ প্ৰতিক্ৰিয়া

আনহাতে বৰচলা সমষ্টিৰ চুটি পাহাৰত যিসকল সন্দেহযুক্ত লোকে থিতাপি লৈছে, সেইসকলক নগাঁও জিলাৰ পৰা অহা বুলি বিধায়ক হাজৰিকাই প্ৰত্যক্ষভাৱে সকীয়নি প্ৰদান কৰে । এই সমগ্ৰ ঘটনা সম্পৰ্কে বৰচলাৰ বিধায়ক গণেশ লিম্বুক উচিত তদন্তৰ দাবীত মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰে ৷ আনহাতে,পৰিস্থিতি পৰিদৰ্শনৰ অন্তত সাংসদ পল্লৱলোচন দাসে এয়া দুখজনক ঘটনা বুলি অভিহিত কৰে ৷

লগতে চাওকঃ ৰামভক্তক বাবৰ ভক্তৰ আক্ৰমণঃ অশোক সিংঘাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.