তেজপুৰ, ২৯ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই (অৱসৰপ্ৰাপ্ত) মঙলবাৰে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাংস্থিত ১৯৬২ চনৰ ৱাৰ মেম’ৰিয়েলত ৬০ ফুট উচ্চতাৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰে । এই পতাকাখন সূৰ্যাস্তৰ সময়তো অৱনমিত কৰা নহয়, কিয়নো হাই মাষ্ট লাইট থকা বাবে আলোকিত হৈ থাকিব সমগ্ৰ টাৱাং চহৰ ।

এই হাই মাষ্ট ফ্লেগে বৰ্তমানৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ সশস্ত্ৰ বাহিনী আৰু স্থানীয় জনসাধাৰণক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজকে সমৰ্পিত কৰিবলৈ সদায় অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে । অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই সাধাৰণ বিষয়া কামাণ্ডিং গজৰাজ কৰ্পছ আৰু ভাৰতীয় সেনা আৰু অসামৰিক প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা পোষ্ট উদ্বোধন কৰে ।
অনুষ্ঠানটোৰ অন্তত এক সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় । এম আই পি এ ট্ৰুপ আৰু ৱাচভ ট্ৰুপে কলাৰীপায়াট্টু, ভাংৰা আৰু আন নৃত্য পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে ।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপালে তেওঁৰ ভাষণ সময়ত টাৱাঙৰ যুৱ প্ৰজন্ম আৰু আন স্থানীয় লোকসকলক দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দেশক আগুৱাই লৈ যোৱাৰ বাবে উৎসাহিত কৰে । উল্লেখ্য যে, চলিত মাহৰ ২২ ছেপ্টেম্বৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ভাটে তেওঁৰ ভ্ৰমণ কালত টাৱাঙৰ ১৯৬২ চনৰ যুদ্ধৰ বীৰ শ্বহীদ যশোৱান ৱাৰ মেম’ৰিয়েলত ১০,৮০০ ফুট উচ্চতাত ৬৫ ফুট ওখ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল ।
এই পতাকা সমগ্ৰ টাৱাং ভেলীত দৃশ্যমান হৈ থাকিব বুলি সেনাৰ তৰফৰ পৰা জানিবলৈ দিছে । এইবাৰ যশোৱান ৱাৰ মেম’ৰিয়েলৰ পতাকা উত্তোলন কৰা ঠাইখিনিৰ পৰা পাঁচ ফুট উচ্চতাত থকা টাৱাং ৱাৰ মেমৰিয়েলত ৰাজ্যপালে ৬০ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।
লগতে পঢ়ক : শীৰ্ষ মাওবাদী নেতা টিংৰাজ ওৰাঙৰ গুৱাহাটীত আত্মসমৰ্পণ