ETV Bharat / state

কামেং নদীত উদ্ধাৰ মৰা মাছ : শোণিতপুৰৰ উপায়ুক্তই জাৰি কৰিলে সতৰ্কতা - জীয়াভৰলী

অৰুণাচল প্ৰদেশৰ কামেং নদীত ভয়ানকভাৱে মাছৰ মৃত্যু ৷ কামেং নদীয়ে অসমত জীয়া ভৰলী নাম লৈছে । শেহতীয়াকৈ শোণিতপুৰত এই নদীৰ মাছ বিক্ৰী আৰু খোৱাত জাৰি কৰিছে নিষেধাজ্ঞা ।

fishes are dying in kameng river in arunachal
কামেং নদীত উদ্ধাৰ হৈছে মৰা মাছ : শোণিতপুৰৰ উপায়ুক্তই জাৰি কৰিলে সতৰ্কতা
author img

By

Published : Nov 1, 2021, 10:14 PM IST

তেজপুৰ, ১ নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেপাৰ সমীপত কামেং নদীত ভয়ানকভাৱে মাছৰ মৃত্যু । বিগত তিনিদিন ধৰি এই নদীৰ বুকুত কুইন্টলে কুইন্টলে উদ্ধাৰ হৈছে মৰা মাছ । ইয়াক লৈ স্থানীয় ৰাইজৰ মাজত মাছ ধৰাৰ বাবে হেতা ওপৰা লাগিছে । নদীৰ পানী ভয়ানকভাৱে ক'লা আৰু ঘোলা হৈ পৰিছে ।

fishes are dying in kameng river in arunachal
কামেং নদীত উদ্ধাৰ হৈছে মৰা মাছ : শোণিতপুৰৰ উপায়ুক্তই জাৰি কৰিলে সতৰ্কতা

ইয়াৰ পিছতেই শোণিতপুৰ জিলাৰ উপায়ুক্তই নামেৰী, জীয়া ভৰলীৰ মাছ বিক্ৰী আৰু খোৱা নিষেধাজ্ঞা জাৰি কৰিছে । উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ কামেং নদীয়ে অসমত ভালুকপুঙৰ পৰা জীয়া ভৰলী নাম লৈছে । আনহাতে, এই নদী খনে অৰুণাচল প্ৰদেশৰ চেপাত আন এখন পাহাৰীয়া নদীৰ লগত সংগম স্থাপন হৈছে ।

লক্ষণীয়ভাৱে এই সংগম স্থলত যোৱা কেম্প, চাঙিয়া কেম্প আৰু মিৰজিংলা কেম্পৰ সমীপত এই মাছৰ মৃত্যু অত্যাধিক হোৱা বুলি স্থানীয় এক সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ চৰকাৰো এই বিষয়ে চিন্তিত হৈ পৰিছে ।

শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ ভূপেশ চন্দ্ৰ দাসে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ অহা জীয়াভৰলী নদীৰ পানী ঘোলা হোৱাৰ বিষয়ে নামেৰী বন সংমণ্ডল বিষয়া আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা লাভ কৰা প্ৰতিবেদনৰ ভিত্তিত এক পৰামৰ্শমূলক আদেশ জাৰি কৰিছে । সেই অনুসৰি জীয়াভৰলী নদীৰ পানীৰ সোঁতত ওপঙি থকা মৃত বা জীৱিত মাছ ধৰা, বা খোৱা, নদীৰ পানী সেৱন কৰা আৰু পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বজাৰত মাছ বিক্ৰী কৰাত বাধা আৰোপ কৰিছে ।

ইয়াৰ লগতে এই সন্দৰ্ভত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশক এই পৰিস্থিতিটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ তথা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ কামেং নদী জীয়াভৰলী নাম লৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা পানী ঘোলা হোৱা পৰিলক্ষিত হৈছে লগতে বৃহৎ পৰিমাণৰ মৃত আৰু জীৱিত মাছ ওপঙি থকা দেখা গৈছে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰে চাউল চোৰে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.