তেজপুৰ, ২২ এপ্ৰিল : ক’ভিডৰ দ্বিতীয়তো লহৰে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো কৰ’ণাক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে এজন লোকৰ মৃত্যু হয় ৷ দ্বিতীয় পৰ্যায়ৰ আক্ৰান্তৰ শোণিতপুৰ জিলাত এইটো প্ৰথমটো মৃত্যুৰ ঘটনা ৷ ঢেকীয়াজুলি ঠেলামৰাৰ ৩৬ বছৰীয়া এই যুৱকজন ক’ভিড আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়ৰ অধীনত চিকিৎসাধীন হৈ আছিল ৷ 20 এপ্ৰিল তাৰিখে ক’ভিডত আক্ৰান্ত হৈ ৰোগীজন এক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল ।
উল্লেখ্য যে, চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে লোকজনৰ নাম বিনোদ কুমাৰ ঠাকুৰ ৷ বৃহস্পতিবাৰে দিনৰ প্ৰায় ৯ বজাত আই চি ইউত বিনোদৰ মৃত্যু হয় । আনহাতে শোণিতপুৰ জিলাত এই মূহুৰ্তলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 324 জন লোকলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক : কৰ'ণাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু