তেজপুৰ, ৪ জুন : শোণিতপুৰ জিলাৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্থাপন হ'ল তৃতীয় লিংগৰ লোকসকলৰ ব্যৱহাৰৰ বাবে অসমৰ প্ৰথমটো লিংগ-নিৰপেক্ষ শৌচালয় । লিংগ-নিৰপেক্ষ এই শৌচালয়ৰ ধাৰণাটো বিশ্ববিদ্যালয়ৰ সামাজিক কৰ্ম বিভাগে (Department of Social Work) উদ্ভাৱন কৰি বৰ্তমান ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তুলিছে ৷ 2 জুনত ছাত্ৰ-ছাত্ৰী আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, কৰ্মচাৰীৰ বাবে মুকলি কৰা এই শৌচালয়ৰ উদ্দেশ্য হৈছে লিংগ-নিৰপেক্ষ পৰিৱেশৰ বিষয়ে সজাগতা সৃষ্টি কৰা । প্ৰকৃততে ভ্ৰাম্যমাণ গ্ৰন্থাগাৰ বুলি পৰিচিত ঋতুপৰ্ণৰ এখন কৰ্মশালাই পৰিবৰ্তনৰ সূচনা কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ত ।
সামাজিক কৰ্ম বিভাগত তিনিটা লিংগ-নিৰপেক্ষ শৌচালয় আছে । এটা কৰ্মচাৰীৰ বাবে, আনটো প্ৰথম মহলাত থকা মানৱ বিজ্ঞান আৰু সামাজিক বিজ্ঞান ভৱনৰ শিক্ষাৰ্থীসকলৰ বাবে । সামাজিক কৰ্ম বিভাগৰ সহকাৰী অধ্যাপিকা নমামী শৰ্মাই ই টিভি ভাৰতক কয়- "আমাৰ বিভাগত এখন কৰ্মশালাৰ বাবে অতিথি হিচাপে আহিছিল 'ভ্ৰাম্যমাণ গ্ৰন্থাগাৰ'ৰূপে খ্যাত ঋতুপৰ্ণ ৷ তেওঁ এখন শাৰী পিন্ধি আহিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ শাৰী সলনি কৰিবলৈ ৱাছৰুমলৈ গৈ অসুবিধাৰ সন্মুখীন হয় ।
ইনষ্টাগ্ৰামত ঋতুপৰ্ণ স্তৰী মামা বুলি খ্যাত (Rituparna is known in instagram as the 'Story mama')৷ তেওঁ কাপোৰ সলনি কৰিবলৈ ঠাই বিচাৰি আছিল । কিন্তু তেওঁ পুৰুষৰ ৱাছৰুমলৈ যাবলৈ ইচ্ছুক নাছিল । তেতিয়াই এই বিষয়ে বিভাগৰ ডিন অধ্যাপিকা ফাৰহিনা দন্তৰ (Prof Farheena Danta, Dean, School of Humanities and Social Sciences) লগত আলোচনা কৰি এনে এক স্থানৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰা হৈছিল ।"
তেওঁ লগতে আৰু কয় যে এনে ধৰণৰ এটা লিংগ-নিৰপেক্ষ শৌচালয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকো অৱগত কৰা হৈছিল আৰু তেওঁৰ পৰা সহাৰিও পোৱা গৈছিল ৷ যাৰ ফলস্বৰূপে আজি এই মুহূৰ্তত লিংগ-নিৰপেক্ষ শৌচালয় তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰথম বাৰৰ বাবে স্থাপন কৰাটো সম্ভৱ হৈ উঠিল ৷
শৰ্মাই লগতে আৰু কয় যে ইয়াৰ বাবে বিশ্ববিদ্যালয়ত সামাজিক কৰ্ম বিভাগে কেইবাটাও ঠাই বিচাৰি অৱশেষত বিভাগৰ কৰ্মচাৰীৰ শৌচালয়ক লিংগ-নিৰপেক্ষ শৌচালয়লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লয় । কিন্তু শিক্ষাৰ্থীসকলৰ বাবেও এটা ঠাইৰ প্ৰয়োজন আছিল ৷ সেয়েহে বিশ্ববিদ্যালয়ৰ এইচ এছ এছ ভৱনৰ প্ৰথম মহলাটোত এই ব্যৱস্থা কৰা হৈছে । বৰ্তমান বিভাগটোত ছাত্ৰ ছাত্ৰীৰ বাবে এটা ক'মপ্লেক্সত মুঠ ২০ টা শৌচালয় আছে ।
লগতে পঢ়ক: SI Junmani Rabha arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছ আই জোনমণি ৰাভা