নিউজ ডেস্ক, 11 মেঃ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ভাৰতীয় বায়ু সেনাত সংযোজিত হ'ল উন্নতমানৰ আক্ৰমণকাৰী হেলিকপ্টাৰ আপাচি ৷ বয়িং এৰোস্পেছৰ দ্বাৰা নিৰ্মিত AH-64E (I) আপাচি হেলিকপ্টাৰখন হৈছে বিশ্বৰ অন্যতম শক্তিশালী আৰু শেহতীয়া সংস্কৰণৰ যুদ্ধা হেলিকপ্টাৰ ৷
2015 চনৰ ছেপ্তেম্বৰ মাহত স্বাক্ষৰিত চুক্তি অনুসৰিয়ে ভাৰতীয় বায়ু সেনাই লাভ কৰে 22খন আপাচি হেলিকপ্টাৰ ৷ ইয়াৰে প্ৰথমখন হেলিকপ্টাৰ ভাৰতীয় বায়ু সেনাৰ এয়াৰ মাৰ্শ্বাল এ এছ বুটলাৰে অৰিজোনাৰ মেছাস্থিত বয়িং প্ৰডাকচন চেন্টাৰত আনুষ্ঠানিকভাৱে প্ৰথমখন বয়িং হেলিকপ্টাৰ গ্ৰহণ কৰে ৷ বাকীসমূহ হেলিকপ্টাৰ অহা জুলাই মাহৰ ভিতৰত লাভ কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, বিশ্বৰ অন্যতম শক্তিশালী আক্ৰমণকাৰী হেলিকপ্টাৰৰ ভিতৰত প্ৰথম শাৰীত আহে এই আপাচি হেলিকপ্টাৰ ৷ ভাৰতীয় বায়ু সেনাক প্ৰদান কৰা আপাচি হেলিকপ্টাৰখনে 2018 চনৰ জুন মাহত প্ৰথম উৰণ সম্পন্ন কৰিছিল ৷ আনহাতে আপাচি হেলিকপ্টাৰ সঞ্চালন কৰিবলগীয়া ভাৰতীয় বায়ুসেনাৰ এটি বিশেষ দলে আলবামাস্থিত আমেৰিকান সেনাৰ ফৰ্ট ৰাকাৰ সেনা চাউনীত ইয়াৰ বাবে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷